ফোঁফলু – হেমা চৌধুৰী গগৈ

Pc Cliparta Libary

ফোঁফলু

এখন সভাৰ পৰা আহিলোঁ
বহু কথা শুনিলোঁ আৰু বহু কথা নিজেও ক’লোঁ
কোৱাৰ সময়ত একো ভবা নাছিলোঁ
শুনি থাকোতেও আনৰ লগত হাত চাপৰি দিছিলোঁ
ভাল ভাল কথাবোৰৰ মাজে মাজে
যিমান পাৰোঁ জোৰেৰে হাত চাপৰি দিছিলোঁ

কথাবোৰ সেইবোৰেই আছিল
যিবোৰ আমি সদায় শুনি থাকোঁ ,
আলোচনা কৰোঁ
তাৰ মাজত শিশু সুৰক্ষা আৰু দৰিদ্ৰতাই আছিল প্ৰধান

সভাত কথাবোৰ কৈ বা আলোচনা কৰি বৰ ভাল লাগে

সিদিনা সভাৰ পৰা ঘূৰি অহাৰ পথত
এজাক খাবলৈ নোপোৱা মৰকেৰেপাই বৰ দিগদাৰ কৰিলে
ট্ৰেফিক জামত সিহঁতৰ বাবেই গাডীৰ গ্লাচ ভাগি পৰিব যেন লাগিছিল

দহ টকা এটা বেলুনৰ দাম
বিশ টকাত তিনিটা কিনি আনিলোঁ
আমাৰ আদৰৰ মইনাটোলৈ ।

সভাবোৰত কথা কৈ সঁচাকৈ ভাল লাগে
কথা ক’ব পৰাটোও এটা আৰ্ট ।

-হেমা চৌধুৰী গগৈ