সম্বন্ধ বা সম্পৰ্ক- হিমাদ্ৰী বৰকটকী

Pc Bodhi Counseling

” সম্বন্ধ বা সম্পৰ্ক “

সম্বন্ধ বা সম্পৰ্ক এটা মধুৰ শব্দ। এই সম্বন্ধ সহজে পোৱা নাযায়। জন্মসূত্ৰে পিতৃ – মাতৃৰ লগত হোৱা সম্বন্ধ , দাদা , ভাই , বাই , ভনীৰ লগত হোৱা সম্বন্ধ । আমাৰ এই সম্বন্ধৰ জৰীডাল সঁচাই কটকটীয়া। বৰদেউতা , খুড়া , জেঠাই , পেহী , মামা, মাহী , আদি সম্বন্ধ বোৰ আমি এখন ঘৰত জন্মৰ পিছতেই পাওঁ । কিছুমান সম্বন্ধ আকৌ আমি বিবাহ সূত্ৰে পাওঁ। বিবাহৰ জৰিয়তে এখন ঘৰত শহুৰ , শাহু , ননদ , দেওঁৰ , জেঁঠাল বা বৰজনা , জা – জোৱালী আদিৰ লগত নতুন সম্বন্ধ গঢ় লৈ উঠে । এই সম্বন্ধৰ মাজত কিছুমান পৰিয়ালত কেতিয়াবা ভুল বুজাবুজিৰ ভিত্তিত গৃহকন্দল আৰু মানসিক অশান্তিৰ সৃষ্টি হয়। যাৰ ফলস্বৰূপে এখন সুখৰ সংসাৰ ঠানবান হৈ পৰা দেখা যায় আৰু লগতে সম্বন্ধতো ফাঁট মেলে।
বন্ধু , বান্ধৱীৰ লগত জড়িত সম্বন্ধ সঁচাই অতুলনীয়। এই সম্বন্ধ শৈশৱ কালৰ পৰাই গঢ় লৈ উঠে। বহুত বিপদ আপদত শৈশৱৰ বন্ধুৱে কৰা সহায় সহযোগিতা পাহৰিব নোৱাৰে কোনেওঁ । আজি কালি face book ৰ জৰিয়তে গঢ় লৈ উঠা বন্ধুত্বৰ সম্বন্ধত কিছুমান জটিলতা আছে । সেই কাৰণে বন্ধুত্ব সম্বন্ধটো গঢ়োতে আজিকালি সাৱধান হোৱা উচিত। নহ’লে কেতিয়াবা বিপদত পৰিব লগা হ’বও পাৰে । অবশ্যে সকলো বন্ধু তেনেকুৱা নহয় । বহুত ভাল বন্ধুও face book ত আছে।
সম্বন্ধ এটা গঢ় দিবলৈ বৰ টান। কিন্তু সম্বন্ধ এটা ভাঙিবলৈ এক মূহুৰ্তও নালাগে। উদাহৰণ স্বৰূপে প্ৰেমৰ সম্পৰ্ক এটা ভুল বুজাবুজিৰ কাৰনে এক মূহুৰ্ততে শেষ হৈ যোৱা দেখা যায় । স্বামী স্ত্ৰীৰ সম্বন্ধটো এটা খুব মধুৰ সম্বন্ধ । সেইকাৰণে স্বামী স্ত্ৰীৰ মাজতো সদায় বুজাবুজি থাকাটো খুবেই প্ৰয়োজন। নহ’লে সম্বন্ধত ফাট মেলা দেখা যায় । দিনে দিনে আমাৰ সম্বন্ধ বোৰ সৰু সৰু কথাতে জটিলতাৰ পিনে গতি কৰিব ধৰিছে। মানুহ মাত্ৰেই ভুল হʼয়েই। তথাপি বুজাবুজিৰ মাজেৰে এটা সম্বন্ধ ফাট মেলাৰ পৰা ৰক্ষা কৰিব পাৰি। সম্বন্ধ এটা জীয়াই ৰাখিবলৈ হ’লে প্ৰেম, ভালপোৱা , বুজাবুজি‌, আন্তৰিকতা , ত্যাগ আদিৰ খুবেই প্ৰয়োজন। তেতিয়াহে সম্বন্ধ বোৰ কটকটীয়া হৈ থাকে। আমাৰ জীৱনটো দুদিনীয়া , এই দুদিনীয়া জীৱনত দৰ্প, অহংকাৰ কৰি কিবা লাভ হ’ব জানো ? গতিকে সময় থাকোঁতেই আমি আমাৰ সম্বন্ধ বোৰ জীয়াই ৰাখিব পাৰিলে ভাল। আৰু এটা কথা খুবেই প্ৰয়োজন সম্বন্ধবোৰ কেতিয়াও টকা পইচাৰে জুখিব নাপায়। সম্বন্ধ এটা জীয়াই ৰাখিবলৈ সদায় এটা শুদ্ধ মন আৰু আন্তৰিকতাৰহে প্ৰয়োজন।

হিমাদ্ৰী বৰকটকী
নগাঁও