ফুল
দেখিবলৈ কিয় হয় ধুনীয়া এই ধৰাখনি,
এই বাবে নেকি যে আছে পানী আৰু মাটি।
বাৰু পানী, মাটিয়ে আমাৰ কৰে সেৱা,
কিন্তু কি এই বস্তু যিয়ে সুবাসীত কৰে ধৰা।
বাগিছালে এবাৰ তুমি গৈ চাবা,
নানা ধৰণৰ ৰং তুমি দেখা পাবা।
ফুল, ফুল, ফুল বাগিচাৰ সেইয়া ফুল,
ফুলত সেইয়া লাগিছে নানা ধৰণৰ ফল-মূল।
ফুলে ফুলে মৌ পৰি মৌ ৰস আনে,
স্বাস্থ্যৰ বাবে ভাল আৰু সুৱাদত মিঠা লাগে।
বহাগৰ কপৌফুল নাচনীৰ কেশত সাজে,
ঢুলীয়াৰ ঢোল আৰু পেঁপা বাজে।
বিলতে দেখিবলৈ পাবা ধুনীয়া পদুমী,
এই পদুমেৰে যেন ব্ৰহ্মায়ে কৰিছে সৃষ্টি ধৰাখনি।
প্ৰতিটো ফুল হয় নানা ধৰণৰ,
পাতে-পাতে সেউজীয়া আৰু লাগে মৰমৰ।
কিছু ফুলে গছক মৰমৰে সাৱতে,
কিছু ফুলে পানীৰ লহৰক সাৱটিব বিচাৰে।
ফুল দেৱ দেৱীক আৰাধনা কৰিবলৈ লাগে,
আৰু মানুহৰ অন্তিম ক্ষণত শ্ৰদ্ধাৰে সাজে।
বিবাহটো কইনাক আৰু সুন্দৰ কৰে,
কেতিয়াবা ধৰাখনিক ৰঙীন কৰি তুলে।
ফুলৰ অবিহনে যেন ধৰাৰ ৰং আৰু সুবাস নাই,
আহক আমি সকলোৱে ফুলক ৰাখো বচাই।
-নিতিষ্মান দাস