অনলাইন বাৰ্ত্তাসেৱা – বিষয়াসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, দেওবাৰে ফিলিপাইনৰ বায়ু সেনাৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি পাইছে ৪৫ জনলৈ, যাৰ ভিতৰত আছে বিমানখনত থকা ৪২ জন সৈনিকৰ উপৰিও তিনিজন সাধাৰণ লোক। এই দুৰ্ঘটনাটোত আহত হৈছিল কমেও ৫৩ জন লোক। “কেইবাজনো সৈন্যকক বিমানখনৰ দুৰ্ঘটনাৰ পূৰ্বেই জঁপিয়াই পৰা দেখা গৈছিল, দুৰ্ঘটনাৰ ফলত হোৱা বিস্ফোৰণৰ পৰা তেওঁলোকক ৰক্ষা কৰা হৈছিল,” এক বিবৃতিত উল্লেখ কৰা হৈছে।
(UD.)