ফিফা বিশ্বকাপ কোৱালিফায়াৰ, ভাৰত বনাম আফগানিস্তান

pc Business Standard

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতে আজি ফিফা বিশ্বকাপ ২০২২ ৰ কোৱালিফায়াৰৰ অন্তিমখন খেল খেলিব আফগানিস্তানৰ বিৰুদ্ধে। ইগৰ ষ্টিমাক প্ৰশিক্ষক দলটো ইতিমধ্যে বিশ্বকাপৰ দৌৰৰ পৰা বাহিৰ হৈছে তথাপিও ২০২৩ৰ এ.এফ.চি. এছিয়ান কাপৰ যোগ্যতা অৰ্জনৰ পৰা এখোজ দূৰত আছে। ভাৰত বৰ্তমান ছয় পইণ্টৰ সৈতে গ্ৰুপ ‘E’ত তৃতীয় স্থানত আছে। আফগানিস্তান পাঁচ পইণ্টৰ সৈতে চতুৰ্থ স্থানত আছে। অৰ্থাৎ এছিয়ান কাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিবলৈ ভাৰতৰ বাবে এটা ‘ড্ৰ’য়ে যথেষ্ট। ভাৰতে এতিয়াও পৰাজয়ৰ সৈতে চতুৰ্থ স্থানত থকা দল হিচাপে তৃতীয় ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে কিন্তু তেওঁলোক কোৱালিফাৰৰ চাৰিটা শ্ৰেষ্ঠ চতুৰ্থ স্থানপ্ৰাপ্ত দলৰ ভিতৰত থাকিব লাগিব। অন্যথা, তেওঁলোকে ‘প্লে অফ’ত অংশগ্ৰহণ কৰিব লাগিব।