ফাগুন
———-
ফাগুন তুমিটো আছিলা মোৰ আপোন
কিয় কৰিলা প্ৰতাৰণা
তোমাৰ পৰশতে দেখিলো সপোন
তুমিয়ে দিলা যুগ্ম জীৱনৰ প্ৰহেলিকা
পোৱা নোপোৱাৰ ভগ্নস্তুপত বহি মই
সাবতিছো মাথো পলাশ মদাৰ ফুলিয়া
ৰঙীন মিঠা স্মৃতিবোৰ
দুষ্ট বলিয়া ফাগুন
আৰুনো কি নিবি উৰুৱাই মোৰ পৰা
প্ৰথমে নিলি জন্মদাতাক মোৰ
তাতো শান্ত নহৈ লৈ গলি
কপালৰ ৰঙা সুৰুয মোৰ
যিদৰে ৰঙা আবিৰ সানিলা শিৰত মোৰ
সেইদৰে ধুমুহা বেগেৰে মচি দিলা
কিহৰ চলনা বাৰু এয়া
মই ভাগৰি পৰিছো জানা
আৰু একো নাই মোৰ বুলিবলৈ আজি
শান্ত হোৱা ফাগুন তুমি
এতিয়া বহাগৰ নকুঁহিপাতৰ অপেক্ষাৰত
লঠঙা গছজোপা মই
পূৰৱী কলিতা ডেকা
ৰঙিয়া -7