পৰিৱৰ্তন
****
আজি মোক
পৰীক্ষা কৰিবলৈ দিয়া
কিমান খিনি আঘাত
মই সহিব পাৰো
আজি মোক
বুজি পাবলৈ দিয়া
অকলে যুঁজাৰ
কিমান মাদকতা
মনত শিপাই যোৱা
বিষাক্ত শিপাক
যেতিয়া উভালিম
দুইহাতেৰেই
তেতিয়া হয়তো
স্তম্ভিত হ’বা
হয়তো ভাবিবা
যে মই দুৰ্বল নহয়
যাক তুমি অৱহেলিত কৰি
দমন কৰিব খুজিছিলা
মোৰ সৰলতাক দুৰ্বলতা ভাবি
ভুল কৰিলা
এতিয়া মই যুঁজত নামিলো
মৌনতাৰ ওৰনি খুলিলো
প্ৰেমক ঘৃনালৈ ৰূপান্তৰ কৰিলো
এতিয়া মৰমকো ক্ষোভলৈ
পৰিৱৰ্তন কৰিলো
আৰু আবেগত
উতি – ভাহি যাব নোৱাৰাকৈ
হৃদয়খনকে আৱদ্ধ কৰিলো
কলিজাৰ এচুকত
এইয়াই পৰিৱৰ্তন জীৱনৰ
পৰিৱৰ্তন মোৰ অনুভৱৰ
*********
✍️ ৰঞ্জনা পাঠক (গুৱাহাটী)
পৰিৱৰ্তন-ৰঞ্জনা পাঠক (গুৱাহাটী)
