পৰিয়ালসহ মুম্বাই এৰি লণ্ডনত থকাৰ পৰিকল্পনা বিশ্বৰ একাদশ ধনাঢ্য উদ্যোগপতি তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ

pc Scroll.in

পৰিয়ালসহ মুম্বাই এৰি লণ্ডনত থকাৰ পৰিকল্পনা বিশ্বৰ একাদশ ধনাঢ্য উদ্যোগপতি তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ

ৰঙিলী বাৰ্ত্তাসেৱা – পৰিয়ালসহ মুম্বাই এৰি লণ্ডনত থকাৰ পৰিকল্পনা কৰিছে দেশৰ লগতে এছিয়াৰ ১ নম্বৰ ধনাঢ্য তথা বিশ্বৰ একাদশ ধনাঢ্য উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে। উদ্যোগপতি মুকেশ আম্বানিয়ে এই সিদ্ধান্ত লৈছিলক’ভিড-১৯ লকডাউনৰ সময়তে। সেই উদ্দেশ্যে ৩০০ একৰ ভূমি ৫৯২ কোটি টকাৰে ক্ৰয় কৰি লণ্ডনৰ বাকিংহামশ্বায়াৰত বিশাল অট্টালিকা নিৰ্মাণ কৰে। এই অট্টালিকাত সকলো অত্যাধুনিক সা-সুবিধাৰ লগতে ৪৯টা শোৱনি কোঠা আছে। ইয়াৰোপৰি লগতে আছে এখন চিকিৎসালয়। লকডাউনৰ সময়ত জাম নগৰত কিছুদিন কটোৱা আম্বানি পৰিয়ালে লণ্ডনৰ বাকিংহামশ্বায়াৰত থাকি ব্যৱসায় চলাই যাব। মুম্বাইৰ বিশাল অট্টালিকাৰ উপৰি বিদেশত ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা লোৱা আম্বানিয়ে যোৱা বৰ্ষৰ এপ্ৰিল মাহত বাকিংহামশ্বায়াৰৰ ষ্টকপাৰ্কৰ কাউণ্টী ক্লাবৰ সমীপত ৩০০ একৰ ভূমি ক্ৰয় কৰিছিল আৰু আগষ্টৰ পৰাই তাত বিশাল অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। সম্প্রতি এই বিশাল অট্টালিকাটো সম্পূৰ্ণ হৈ উঠাৰ পাছতেই আম্বানি পৰিয়ালে উক্ত অট্টালিকালৈ ঘৰখন স্থানান্তৰিত কৰিব। কালি দীপাৱলী আম্বানি পৰিয়ালে উক্ত নতুন অট্টালিকাটোতেই উদ্যাপন কৰে। বিগত তিনি মাহ ধৰি আম্বানি পৰিয়ালে লণ্ডনৰ বাসগৃহত বসবাস কৰি থকাৰ পৰিপ্ৰেক্ষিততেই আম্বানি পৰিয়ালে দেশ এৰি বিদেশত থিতাপি লোৱাৰ চৰ্চা চলিছে। এই চৰ্চা চলি থকাৰ মাজতে ৰিলায়েন্সে বাতৰিটো অস্বীকাৰ কৰিছে।