পৰিবৰ্তনশীল সমাজঃ কেতিয়াবা যদি হৈছো শংকিত ,কেতিয়াবা আকৌ ভীষণ বিৰক্ত- বিন্দু ৰাজবংশী কলিতা

Pc Istock

পৰিবৰ্তনশীল সমাজঃ কেতিয়াবা যদি হৈছো শংকিত ,কেতিয়াবা আকৌ ভীষণ বিৰক্ত

বিন্দু ৰাজবংশী কলিতা

পৃথিৱীত সম্ভৱত কোনো বস্তুৰে ইমান সোনকালে পৰিবৰ্তন নহয় যিদৰে মানুহৰ দৃষ্টি আৰু মানসিকতাৰ পৰিবৰ্তন হয়। সমাজ বা দেশৰ উন্নয়ন পৰিবৰ্তন আৰু সংস্কাৰৰ লগত জৰিত। এইটো মানিবই লাগিব। কিন্তু বৰ্তমান ৰাজনীতি, সমাজনীতি, সংস্কৃতিৰ মূল্যবোধৰ অবক্ষয়ৰ যি পৰিবৰ্তন হৈছে সেই পৰিবৰ্তনত কেতিয়াবা যদি আতংকিত হৈছো কেতিয়াবা আকৌ বিৰক্তকৰ হৈ উঠিছো। উন্নয়নৰ তুলনাত পতনমুখী পৰিবৰ্তন যেন বহুগুণে বাঢ়ি গৈছে। পৰিবৰ্তনৰ ঢৌত আমি কেতিয়াবা উশাহ লোৱাত কষ্ট পাই উকমুকাইছো। পৰিৱৰ্তন বুলি কবলৈ আৰম্ভ কৰিলেই আমি প্ৰথমতে ডিজিটেলাইজেছনৰ(Digitalization) কথাই কব লাগিব। আধুনিক পৃথিৱীত মানুহ এতিয়া যান্ত্ৰিকতাৰ বলি। চাৰিওফালে লক্ষ্য কৰি চালে দেখো যে এটা দিশত উন্নয়ন হৈছে যদিও বাকী তিনিওফালে যেন পৰিবৰ্তনৰ এখন ভয়লগা ছবি। একাংশৰ বাবে আধুনিক মানেই ফেশ্যন, আধুনিক মানেই চমক। নবপ্ৰজন্মৰ বেছিসংখ্যকৰ বাবে এতিয়া পাৰ্টি, বাৰ ,মদ , আধুনিক পোছাক পাতি , উশৃংখলতাই হৈছে আধুনিকতা। নাই কোনো সামাজিক সংস্কাৰ , নাই কোনো সামাজিক দায়বদ্ধতা। সকলোৰে হাতে হাতে এনদ্ৰইড মোবাইল। মোবাইল নোচোৱাকৈ শিশু বোৰে খাদ্য খাব নোৱৰা , সমনীয়াৰ পৰিবৰ্তে মোবাইলৰ লগত খেলি থকা, ইত্যাদি কথাবোৰ আমাৰ জীৱন কালত কম দিনৰ ভিতৰতে দেখা দ্ৰুত পৰিবৰ্তন। ডিজিটেল পৃথিৱীৰ সান্নিধ্যত একাংশই কৰি থকা দুষ্কাৰ্য, অপৰাধ প্ৰৱনতা, ব্যাভিচাৰ এইবোৰ হৈছে পৰিবৰ্তনশীলতাৰ একোটা উদাহৰণ। কোনো বয়সৰ কথা নাই ,কোনো আত্মীয়তাৰ কথা নাই কেৱল চৌপাশে ধৰ্ষণ, চুৰি কাণ্ড,হত্যাকাণ্ডই লজ্জানত অপৰাধ বোৰে মনবোৰ আতংকত জোকাৰি যায়। অপৈনত , মন মগজুত কেৱল আধুনিকতাৰ ভয়ানক পৰিবৰ্তন। চাৰিওফালে এখন অঘোষিত অনাৱশ্যকীয় প্ৰতিযোগিতা। সামাজিক মাধ্যমৰ মঞ্চত নিজৰ চৰিত্ৰৰ পৰিচয় দি থকা বহুতো ইউজাৰৰ ছবিয়ে মনবোৰ বিৰক্তিকৰ কৰি নোতোলে নে বাৰু! মুৰ তুলি চালেই এতিয়া দেখো কেৱল পৰিবৰ্তন। পৰম্পৰা ,সংস্কৃতিৰ পৰিবৰ্তন ,ৰাজনীতিৰ পৰিবৰ্তন। পৰিবৰ্তনৰ শ্লগান দি থকা ৰাজনীতিজ্ঞ সকলৰ মগজুৰ পৰিবৰ্তন, বিবেচনাৰ পৰিবৰ্তন , দেশসেৱাৰ মানসিকতাক ক্ষমতাৰ লোভলৈ পৰিবৰ্তন, নিজৰ স্বাৰ্থ সিদ্ধিৰ অংকলৈ পৰিবৰ্তন। সংস্কৃতিৰ নামত অপসংস্কৃতি । পুজা বুলিলেই মডেলিঙ, বিহু বুলিলেই ডিস্কো । অলপতে দেখিলো মডেল এগৰাকীয়ে দেৱী মাৰ চিন্ন মুণ্ড হাতত লৈ ফটোপ’জ । এয়াও এক অভূতপূৰ্ব চমকপ্ৰদ পৰিবৰ্তন। কলা সংস্কৃতিৰ বিনোদন থাকিব লাগে যদিও এইবোৰ কাৰ্য্য কোনোপধ্যেই গ্ৰহণযোগ্য হব নোৱাৰে। যিবোৰ ভয়ানক বিৰক্তিকৰ। বিগত সময়ছোৱাত ৰাজনৈতিক নেতাৰ লগতে আমিও পৰিবৰ্তনৰ শ্লগান দি আকাশ বতাহ মুখৰিত কৰিলো। পৰিবৰ্তনকামী চৰকাৰ গঠন হ’ল। আজিকালি অজস্ৰ চমকপ্ৰদ , বিৰক্তিকৰ পৰিবৰ্তনে চকু চাট মাৰি ধৰে। কিন্তু আমি সমাজ খনৰ বা ৰাজ্য খনৰ এনেকুৱা কিছুমান কাম হোৱাটো বিছাৰো যি দেখিলে আমাৰ চকু জুৰ পৰে। আমি বিছাৰো নিবনুৱা সমস্যাৰ পৰিবৰ্তন, মূল্যবৃদ্ধিৰ পৰিবৰ্তন ,কিম্বা বানপানীৰ সমস্যাৰ কিবা পৰিবৰ্তন। বিছাৰো মৰি থকা কল কাৰখানা উদ্যোগক জীয়াই তোলা পৰিবৰ্তন। এতিয়াও অনুভৱ কৰিব পৰা নাই নাৰী সুৰক্ষাৰ বাবে পৰিবৰ্তন কামী কিবা কঠোৰ ব্যৱস্থা হৈছে বুলি। পৰিবৰ্তনৰ নামত আতংক আৰু বিৰক্তিকৰ ছবিখনে জুৰুলা কৰাৰ পিছতো এনে বহু প্ৰয়োজনীয় পৰিবৰ্তন এতিয়াও আশা কৰি আছো । পৰিবৰ্তনৰ চমৎকাৰেৰে সুস্থ সবল সুন্দৰ সমাজ এখন গঢ়ি তোলাত গুৰুত্ব দিওঁঁ আহক।