পৰিছোঁ মই তোমাৰ প্ৰেমত
এছ, ইছলাম,বৰপেটা
যিদিনা দেখা পালোঁ তোমাক
সিদিনাই হ’লো অবাক
খাওঁতে নাই ৰুচিবোধ
তুমি মোক কৰিলা অবোধ।
তোমাৰ চিন্তাত ব্যস্ত সদায়
তোমাৰ বাহিৰে সকলো বিদায়
সন্ধিয়া পৰত চকুৰ আঁৰত
নাই টোপনি গভীৰ ৰজনীত।
কিযে মন্ত্ৰ তুমি কৰিলা
মনপ্ৰাণ মোৰ কাঢ়ি ল’লা
তোমাৰ কিযে সৌন্দর্য
কৰিলা মোক কৌমার্য।
প্ৰেম জ্বালা কিযে তোমাৰ
মন নবহে কামত মোৰ
বহাগৰ ৰিমঝিম বৰষুণত
কুলি-কেতেকীৰ মধুৰ গুঞ্জনত
পৰিছোঁ মই তোমাৰ প্ৰেমত।
কিযে তোমাৰ ৰূপৰস
মই হ’লোঁ তোমাৰ বশ
পাগল মই প্ৰেমত তোমাৰ
আপোন জনাও নাই মোৰ।
কবিতা, তুমি মোৰ ৰজকিনী
ময়ে তোমাৰ চণ্ডালিনী
তুমিয়ে মোৰ লায়লা বানু
ময়ে তোমাৰ পাগল মজনু।
তুমিয়ে মোৰ চিৰিবেগ
ময়ে তোমাৰ ফৰহাদ চাবেগ
তুমিয়ে ৰাধা প্ৰেমিকা মোৰ
ময়ে কৃষ্ণা সংগী তোৰ।