পৰাধীন স্বাধীনতা
বাকৰুদ্ধ আমিবোৰ
বোকোচাত প্ৰতিবাদৰ টোপোলা
খোজে খোজে মাথো কাঁইটৰ চুমা
অৱদমিত আৰ্তনাদে ঘুমুটিয়াই ফুৰিছে
বুকুৰ ভিতৰত
উশাহ বুলিবলৈ বিষবাষ্প সিঁচিছে, পানীত
মিলাইছে কেঁচা তেজ
ভোক বুলিলত খাবলৈ দিছে স্বজাতিৰ মঙহ
আৰু তেওঁলোকে শগুণৰ দৰে পৰ দিছে
আমাৰ মৃত্যুলৈ
সকলোৱে অৱস্থান কৰিছে এক নিৰাপদ দূৰত্বত
আৰ্তনাদৰ শব্দই যাতে কঁপাব নোৱাৰে বিবেক।
নোৱাৰে কঁপাব বিবেক,
কাৰণ ৰাজনীতিৰ ৰঙীন চশমা পিন্ধা
তেওঁলোকে কেৱল মোহাচ্ছন্ন।
মৃতদেহৰ ওপৰেদি পাৰ হয় স্বাধীনতা।
স্বাধীনবোৰৰ অস্ত্ৰ গণতন্ত্ৰ।
গণতন্ত্ৰত বিলোপ সংবিধান।
আমিবোৰ এতিয়াও স্বাধীন,
মাথো পৰাধীন স্বাধীনতা।
-প্ৰসেনজিৎ