প্ৰিয় ঘৰচিৰিকাজনী – শতাব্দী শৰ্মা

pc- the janambhumi
প্ৰিয় ঘৰচিৰিকাজনী 
তোৰ কাকলিত মোৰ বাস্তৱৰ
উদিত সূর্যই প্ৰাণ পায় ,
তোৰ হৃদয়ৰ কুলু কুলু জুৰি
মোৰ হৃদয়েদি বাগৰি যায় !
অস্পষ্ট সৌ ধূলিকণাবোৰত
তোৰ আগমণৰ উচ্ছ্বাসিত গুঞ্জন,
ভুৰুংকৈ উৰি মোৰ মনৰ পদূলিত
দৃষ্টি আকর্ষণৰ তোৰ চিৰ অভিযান !
কেতিয়াবা নীলাচলত অজস্ৰ মেঘৰ মাজত
যেন তোৰ সহযাত্ৰী হ’ম ,
উন্মিলনৰ মধুময় সাম্ৰাজ্যত
তোৰ সমভাগী হৈ বহু গীত গাম !
মোৰ প্ৰিয় ঘনচিৰিকাজনী ,
মোৰ মৰমৰ মহাৰাণী !
দুহাতেৰে আঁকোৱালি ল’ম যেন অকৃত্ৰিম মৰমেৰে ,
সতেজ ৰাতিপুৱাবোৰৰ জাননী দিয়হি
তোৰ আগমণেৰে !
নিশ্চয়তাৰ দিকচৌ বনত,
তোৰ কোনোবা সেউজ আলয়ত !
সখী হৈ ৰৈ যাম যেন
আবেলিৰ আলহী হৈ !
বন্ধুত্বৰ মহান সুঁতি ,
তোৰ নামতেই হওঁক বোৱঁতী !
মোৰ প্ৰিয় ঘনচিৰিকাজনী,
তই মোৰ পুৱাৰ প্ৰকৃতি দর্শনৰ লগৰী !
– শতাব্দী শৰ্মা
      নগাওঁ