প্ৰাণ প্ৰতিমা বড়াৰ গল্প সংকলন  ”ধূসৰ নিশা এটি জোনাকী” উন্মোচন

প্ৰাণ প্ৰতিমা বড়াৰ গল্প সংকলন  ”ধূসৰ নিশা এটি জোনাকী” উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ইংৰাজী  ১০/১২/ ২০২৩ ৰবিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত “মন দাপোণত সাহিত্য গোষ্ঠী” ৰ  দ্বি-বাৰ্ষিক প্ৰথম বাৰ্ষিক অধিৱেশনখন সুকলমে  হৈ যায়। ১৩০ ৰো অধিক অসমৰ দূৰ-দূৰণিৰ পৰা অহা কবি, লেখক লেখিকাসকলৰ  উপস্থিতিত এখন জাকজমকৈ সভা  অনুষ্ঠিত হৈ যায়  বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড° নঞ্জু দত্তৰ সভাপতিত্বত। সাহিত্যিক  তথা অনাতাঁৰ  কণ্ঠ শিল্পী সূৰ্য দাসৰ দ্বাৰা মঞ্চৰ বন্তি প্ৰজ্বলেনেৰে  মঞ্চৰ শুভাৰম্ভ হৈ যায়।বিশিষ্ট  সাহিত্যিক চিকিৎসক ড° অঞ্জন জ্যোতি চৌধুৰী, ব্ৰাজিল কটেজ তথা নদী নাৰীৰ মুখ্য প্ৰতিষ্ঠাপক ৰোনাল্ডো টাইদদেৱ, মূখ্য প্ৰশাসিকা তথা বিশিষ্ট লেখিকা ডালিমী কুলাধিপতি, গোলাঘাট বাণিজ্য মহাবিদ্যালয়তৰ  উপাধ্যক্ষ ড°যতীন নাথ,জনপ্ৰিয় কণ্ঠশিল্পী সূৰ্য্য দাস দেৱকে আদি কৰি বিশিষ্ট সাহিত্যিকসকলৰ উপস্থিতিত হৈ যোৱা সভাখন সুকলমে অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাখনত কবি,লেখিকা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰাণ প্ৰতিমা বড়াৰ গল্প সংকলন “ধূসৰ নিশাৰ এটি জোনাকী” উন্মোচন কৰা হয়৷গ্ৰন্থখন উন্মোচন কৰে শ্ৰদ্ধাৰ সূৰ্য্য দাস দেৱে ।প্ৰাণ প্ৰতিমা বড়া শিৱসাগৰ কালুগাঁওৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত খগেন্দ্ৰনাথ বড়া আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুসুম বড়াৰ প্ৰথমা কন্যা ৷তেওঁৰ স্বামী আৰু একমাত্ৰ কন্যা  নিয়ৰকণা দাসৰ মাতৃ।
error: Content is protected !!