প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই ৰাজভৱনত চাহ মেল আয়োজন কৰিছিল। চাহ মেলত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াৰ আমন্ত্ৰণ ক্ৰমে উপস্থিত হোৱা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।স্মৃতি সুঁৱৰি অতি আন্তৰিকতাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কাষত থিয় হয়। উল্লেখ্য যে, ৰাজ্যপাল কাটাৰিয়াই আয়োজন কৰা এই চাহমেলত আৰক্ষী অধীক্ষক জি পি সিং, সচিব পৱন বৰঠাকুৰ আদিৰ লগতে বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী লোক উপস্থিত আছিল।