প্ৰয়াগৰাজৰ মনালিছা
মুন শৰ্মা, লখিমপুৰ
ত্ৰিবেণী সংগমত তুমি মনালিছা,
বিশ্ব কোলাহল তোমাৰ চৰ্চাত,
প্ৰয়াগৰাজৰ কুম্ভমেলা আধ্যাত্মিকতা বুকুত,
তল পৰে সকলো সৰ্বদিশে মাত্ৰ তোমাৰ বন্দনা।
আকাশে মাদল বজায় চিমমিক বিজুলীৰো উদ্দাম নৃত্য,
বৰষুণ বোৰ নামি নাহে, যেন তোমাক জনাৰ তীব্ৰ হাবিয়াস।
গহীন দুপৰীয়া বোৰ হৈ পৰে চঞ্চল,
নিজান ৰাতি বোৰ হৈ পৰে উন্মাদ,
জোনে ও সুধিছে কোন হেৰা তাই
সূৰুয কথা নো কি কওঁ তোমাক!
আৰু জনা
ৰজনীৰ সপোন বোৰে বাৰে বাৰে
ডেউকা কোবাই তোমাৰ কাষলৈ ঢাপলি মেলে।
আবতৰীয়া বসন্ত হঠাৎ নামি প্ৰেমৰ শতফুলে বুকুত ফুলিল,
তোমাৰ জ্যোতিৰূপা নয়নৰ মোহত বন্দী মোৰ কলিজাত আজি মহা আন্দোলন,
মাত্ৰ মাথোঁ সিহঁতক দিব লাগে বৰ্ণনা, কৰিব লাগে বন্দনা কাৰণ মই যে কবি।
কোন তুমি মনালিছা! মানৱী নে?সৰগৰ তুমি অপ্সৰা!
মূক হৈ পৰিছোঁ মই, তোমাৰ দুচকুৰ বন্দনা আৰু বৰ্ণনাত মই অপাৰগ, মই নিৰূপায়।
ঈশ্বৰপ্ৰদত্ত এই সুন্দৰতাৰ বিতুপন বৰ্ণনা, অনুপম বন্দনাৰ,
অভিধানত নাই কোনো শব্দ, লিখিব পাৰোঁ এটি ধুনীয়া বাক্য
বাখ্যা পায় তোমাৰ জোনাক নমা দুটি নয়নৰ নয়নভিৰাম এমুঠি কাহিনী।