প্ৰবীণ গায়িকা লতা মংগেশকাৰৰ ৯২ বছৰ বয়সত মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰবীণ গায়িকা লতা মংগেশকাৰৰ ৯২ বছৰ বয়সত মৃত্যু হয়। যোৱা মাহৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ থকা গায়িকাগৰাকীৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু তেওঁ আইচিইউত ভেণ্টিলেটৰত আছিল বুলি তেওঁৰ চিকিৎসকে কৈছিল। তেওঁ কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।