প্ৰধানমন্ত্ৰীৰ হৃষীকেশত ৩৬টা অক্সিজেন প্লাণ্ট মুকলি
অনলাইন বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল মাধ্যমত পি এম কেয়াৰ্ছৰ অধীনত নিৰ্মাণ কৰা ৩৬টা অক্সিজেন প্লাণ্ট হৃষীকেশত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্বোধন কৰে। ইয়াৰ ভিতৰত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ এখন চিকিৎসালয়ৰ অক্সিজেন প্লান্ট এটাও আছে।অনুষ্ঠানটোত সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, কাটিগৰাৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ, জিলা উপায়ুক্ত কীর্তি জাল্লি, আৰক্ষী অধীক্ষক ৰৰ্মণদীপ কৌৰ, বিজেপিৰ জিলা সভাপতি বিমলেন্দু ৰয়, বিজেপি নেতা নিত্যভূষণ দে’ আদি উপস্থিত থাকে।