প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  কেন্দ্রীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰৰ মৰগীয়া বানচ তিনি শতাংশ বৃদ্ধিত অনুমোদন জনায়

pc India.com

 প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  কেন্দ্রীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰৰ মৰগীয়া বানচ তিনি শতাংশ বৃদ্ধিত অনুমোদন জনায়

ৰঙিলী বাৰ্ত্তাসেৱা – বৰ্তমানৰ কৰ্মচাৰীৰ বেছিক পে আৰু পেন্সনৰ ২৮ শতাংশৰ পুনৰ অতিৰিক্ত তিনি শতাংশ বৃদ্ধিত অনুমোদন জনোৱা মৰগীয়া বানচৰ এই বৃদ্ধি ২০২১ চনৰ ১ জুলাইৰ পৰা বলৱৎ হ’ব। মোদী কেবিনেটৰ এই অনুমোদনৰ পাছত দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ৪৭.১৪ লাখ আৰু পেন্সনাৰ ৬৮.৬২ লাখ লাভান্বিত হ’ব। কেবিনেটৰ এই সিদ্ধান্তত প্ৰতিবছৰে চৰকাৰৰ অতিৰিক্তকৈ ৯,৪৮৮ কোটি টকা ব্যয় হ’ব। উল্লেখ্য যে যোৱা জুলাই মাহত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰৰ মৰগীয়া বানচ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিছিল।