প্ৰথম দিনটোত ১২-১৪ বছৰ বয়সৰ ২ লাখৰো অধিক শিশুক কোভিড ভেকছিনৰ পালি প্ৰদান

pc.The new Indian Express

প্ৰথম দিনটোত ১২-১৪ বছৰ বয়সৰ ২ লাখৰো অধিক শিশুক কোভিড ভেকছিনৰ পালি প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কয় যে ১২-১৪ বছৰ বয়সৰ টিকাকৰণ আৰম্ভ হোৱাৰ প্ৰথম দিনাই ১২-১৪ বছৰ বয়সৰ প্ৰায় ২,৬০,১৩৬ জন শিশুক কোভিড-১৯ ভেকছিনৰ পালি দিয়া হৈছে।কোভিড-১৯ টিকাকৰণৰ বাবে চিনাক্ত শ্ৰেণীৰ হিতাধিকাৰীৰ (এইচ.চি.ডব্লিউ.এছ., এফ.এল.ডব্লিউ.এছ. আৰু ৬০ বছৰতকৈ অধিক) বাবে এতিয়ালৈকে ২.১৫ কোটিৰো অধিক সাৱধানতা পালি প্ৰদান কৰা হৈছে, মন্ত্ৰালয়ে লগতে কয়।