প্ৰতাৰণা
কিয় সোধা তুমি মোক
কেনে আছোঁ বুলি
মুখত এটি মিছা হাঁহি লৈ
ভালেই আছোঁ বুলি কওঁ
গমেই নোপোৱা তুমি।।
তুমি জানানে
হাঁহি বোৰৰো যে ভাগ আছে
সঁচা আৰু মিছা হাঁহি
যি সদায় দেখা সেয়া যে মিছা
সঁচাবোৰ কোনোদিনে নোপোৱা দেখা
হাঁহিৰ আঁৰতো থাকে
কত যে দুখ-যন্ত্ৰণা
পোৱা নোপোৱা হিচাপবোৰৰ মাজেৰেই
যেন চলি থকা হয়
একোজন ভাৱৰীয়া দৰে
দেখুৱাব নোৱাৰো একো
বুজিবলৈ বা আছে কোন
নাই আজি কোনো নাই মোৰ
এনেকৈয়ে চলি যাম
অসহায় হৈ জীৱন পথত……
ৰীমা শইকীয়া বৰা