প্ৰণয় বৰদলৈৰ গ্ৰন্থ ‘হিমালয়ৰ দুৰ্জেয় শিখৰত’ উন্মোচন

প্ৰণয় বৰদলৈৰ গ্ৰন্থ ‘হিমালয়ৰ দুৰ্জেয় শিখৰত’ উন্মোচন

পৰ্বতাৰোহণত অসমৰ বৰ্ণিল সাফল্যক ৰোমন্থন, হিমালয়ৰ ৰহস্য উদঘাটনত ব্ৰতী হ’বলৈ যুৱ সমাজক আহ্বান

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ সীমাজুৰি অতন্দ্ৰ পহৰী দৰে থিয় হৈ থকা গিৰিৰাজ হিমালয়ে যুগ যুগান্তৰৰ পৰা মানৱ সমাজক আকৰ্ষিত কৰি আহিছে। ৰামায়ণ-মহাভাৰতৰ কালৰে পৰা হিমালয় হৈ পৰিছে আধ্যাত্মিকতাৰ পীঠস্থান স্বৰূপ। এই হিমালয় আজিৰ যুৱ সমাজৰ বাবে হৈ পৰিছে ৰহস্যঘেৰা এক প্রত্যাহ্বান। এই প্রত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই হিমালয়ৰ অভ্যন্তৰলৈ ধাৱমান হৈছে বিশ্বৰ অগণন লোক। এই আকৰ্ষণৰ তাড়নাত অসমৰ পৰ্বতাৰোহী-সাংবাদিক প্রণয় বৰদলৈয়ে হিমালয়ত চলাইছে বহু অভিযান। এনে এক শিহৰণকাৰী ৰোমাঞ্চকৰ অভিজ্ঞতাৰে বৰদলৈয়ে লিখি উলিয়াইছে ‘হিমালয়ৰ দুৰ্জেয় শিখৰত’ শীর্ষক এখন গ্রন্থ, যি গ্ৰন্থৰ বিষয়বস্তু অসমীয়া সাহিত্যত ব্যতিক্রম। উল্লেখ্য যে, এই গ্রন্থখন ১৯৯৫চনত দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছে গাৰোৱাল হিমালয়ৰ ২১,৩৩৫ ফুট উচ্চতাৰ যোগীন ১ আৰু যোগীন ৩ শিখৰলৈ চলোৱা সফল অভিযানৰ আলম লৈ লিখা হৈছে। ২০০১ চনত বৰদলৈয়ে এই অভিযানক লৈ প্রকাশ কৰা ‘উত্তুংগ যোগীন’ শীর্ষক গ্ৰন্থখনৰ পৰিবৰ্ধিত আৰু সম্পাদিত সংস্কৰণ হৈছে ‘হিমালয়ৰ দুৰ্জেয় শিখৰত’ গ্ৰন্থখন। এই গ্রন্থখন প্রকাশ কৰিছে আগশাৰীৰ প্রকাশন গোষ্ঠী সাৰথি প্রকাশনে।

গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে আয়োজিত এক অনুষ্ঠানত এই গ্রন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত অংশ লৈ বিশিষ্ট সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামী, সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্র, বিশিষ্ট চিন্তাবিদ-মননশীল লিখক ময়ূৰ বৰা, টিভি চেনেলৰ বিশিষ্ট সম্পাদকদ্বয় নিতুমণি শইকীয়া আৰু পৰাগমণি আদিত্যই অচিনাক চিনিবলৈ অজনাক জানিবলৈ মানৱ মনৰ দুৰাকাংক্ষাৰ কথা উল্লেখ কৰে। ভাষণ প্রসংগত তেওঁলোকে চৰিত্ৰ গঠনত সহায়ক এনে দুঃসাহসিক ক্রীড়াত সক্রিয়ভাবে ব্রতী হ’বলযুৈৱ সমাজক আহ্বান জনায়। অনুষ্ঠানত বক্তাসকলে অসমত পৰ্বত আৰোহনৰ দৰে দুঃসাহসিক ক্রীড়া জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত প্ৰণয় বৰদলৈৰ ভূমিকাৰ শলাগ লয়।

এই অনুষ্ঠান বন্তি প্রজ্বলন কৰি উদ্বোধন কৰে অসমৰ ৩গৰাকী এভাৰেষ্ট আৰোহনকাৰী পৰ্বতাৰোহী তৰুণ শইকীয়া, মনীষ ডেকা, নন্দ দুলাল দাসে। অনুষ্ঠানত এক্সপ্ল’ৰাৰ্ছৰ যোগীন অভিযানত প্রণয় বৰদলৈৰ সৈতে অংশ লোৱা অভিযাত্রী দলটোক সম্বর্ধনা জ্ঞাপন কৰা হয়। একেটা অনুষ্ঠানতে আন কেইবাগৰাকী অসমৰ সফল পৰ্বতাৰোহী অর্চনা ভট্টাচার্য, ৰাজেন্দ্ৰ প্রসাদ গৌতম, মানস বৰুৱা, অনুপম নাথ, সবিতা হাজৰিকা আদিক সম্বর্ধনা জনোৱা হয়।