প্ৰকৃত উপহাৰ– মঞ্জুষা শৰ্মা

pc-thechildren happinessguide

প্ৰকৃত উপহাৰ
সমগ্ৰ পৃথিৱীখনক এই ভয়ঙ্কৰ ক’ৰণা নামৰ মহামাৰীয়ে গ্ৰাস কৰাৰ ফলত আটাইতকৈ বেছি ক্ষতি হৈছে সৰু সৰু ল’ৰা ছোৱালী আৰু ছাত্ৰ- ছাত্ৰীসকলৰহে৷ বাকীবোৰৰ কথা বাদ ৷ কাৰণ সৰুখিনিয়ে যি বয়সত খেলা-ধূলা কৰি নিজৰ সমনীয়াৰ লগত কটাই সেই বয়সত এতিয়া তেওঁলোকে গৃহবন্দী হৈ জীৱন কটাব লগীয়া হৈছে ৷ প্ৰত্যেকেই কেৱল টিভি আৰু মোবাইলটোত ব্যস্ত হৈ বাল্যকালৰ মাদকতাই যেন হেৰুৱাই পেলাইছে ৷ তেওঁলোকে যে নিজৰ সমনীয়াতো বাদেই পৰিয়ালৰ অন্য সদস্যবোৰৰ লগতো লগ পাব নোৱাৰা হ’ল ৷আন কেইবছৰৰ দৰে এইবাৰো তু জুলাই মাহ নহাকৈ থকা নাই ৷ প্ৰতি বছৰৰ দৰেই আহিল যদিও সিহঁতৰ বাবে নাহিল সেই গৰম বন্ধৰ উল্লাস – উদ্দীপনা ৷ সেয়েহে ববীয়ে সেইদিনা দেওবাৰ হোৱাৰ বাবে নিজৰ ভাগিন-ভতিজা কেইটাৰ অন লাইনৰ ক্লাছ নথকাৰ সুবিধা লৈ ভিডিঅ কনফাৰেন্সৰ দৰে লগ হৈ কথা পাতি সিহঁতৰ মন তথা পৰিবেশটো সলনি কৰাৰ কথা ভাবিলে ৷ভবাৰ মতেই কাম ৷ ববীয়ে ভাগিনীয়েক লুকুক সেই দায়িত্ব দিলে ৷ বাকী ল’ৰাকেইটাই বায়েকৰ কথা মানে ৷ লুকুৱে সকলোকে ২টা বজাত আজৰি হৈ মোবাইল লৈ বহিবলৈ ক’লে ৷ ইফালে ববীয়ে ইমানদিনৰ মূৰত সিহঁত পাঁচোটাকে মিলাই দিয়াৰ লগতে সময়খিনিয়ো যাতে অতি মধুৰ হয় , সেই ভাবি তেওঁ প্ৰথমেই সিহঁতক জন্ম দিন , বিহু , শিক্ষক দিৱস আদিত ঘৰত সোমাই থাকি কেনে লাগিছে ক’বলৈ ক’লে ৷ লগে লগে সিহঁতি জন্ম দিন আৰু বিহুত যে কাৰো পৰাই একো নাপালে তাক কৈ দুখ কৰিলে ৷ ইফালে বেছিকৈ দুখ কৰিলে সিহঁতৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক শিক্ষক দিৱসত যে একো দিবলৈ নাই পোৱা তাৰ বাবেহে সিহঁতৰ বেছি আক্ষেপ ৷ যোৱা বছৰৰ দৰে এইবছৰ যেন শিক্ষক দিৱসত স্কুললৈ যাবলৈ নোপোৱাকৈ নাথাকে তাৰ বাবে সিহঁতি ভগৱানৰ ওচৰত খুব প্ৰাৰ্থনা কৰিছে আৰু কি কি দিব তাকো কল্পনা কৰি আছে ৷ ঠিক আছে বাৰু এতিয়া তোমালোকে মোক কোৱাচোন এই তোমালোকে পোৱা বস্তুবোৰ আৰু শিক্ষক দিৱসত দিয়া বস্তুবোৰক কি বুলি কয় ? লুকুৱে হাঁহি হাঁহি ক’লে — মাহী তুমিও যে আমি সেইটোকো পাহৰি গ’লো বুলি ভাবিছা নেকি ?? সকলোৱে হাঁহি ক’লে সেইটোক উপহাৰ বুুলি কয় ৷তেতিয়া জিতে ক’লে মই জানা এই পুৰস্কাৰ আৰু উপহাৰ কথাটোকে বুজি নাপাওঁ কেতিয়ানো এইদুটাৰ ব্যৱহাৰ হয় ৷ তেন্তে মন দি শুনা দেই৷ একেষাৰতে ক’বলৈ হ’লে দুয়োটাৰে অৰ্থ একেই ৷মৰমতে আনে দিয়া কোনো বস্তু নহয় নে ?? তথাপিও যেতিয়া অন্য এজনে অন্য এজনক মৰমতে কিবা এটা দিয়ে তেন্তে সেইটো হ’ল উপহাৰ ৷ তেনে এটা উপহাৰেই যদি আমি কোনো কামত কৃতকাৰ্য হৈ লাভ কৰোঁ সি হয় পুৰস্কাৰ ৷ নিশ্চয় এতিয়া তোমালোকে বুজি পালা নহয়নে ? আজি মই তেনে এটা পুৰস্কাৰৰ কথাই ক’ম শুনিবাহঁক দেই ৷
আমাৰ গাঁৱত জয়া নামৰ এজনী মৰম লগা ছোৱালী আছিল ৷ তাই বৰ সহজ -সৰল , স্পষ্টবাদী আছিল যদিও হাঁহিটোৰ বাবেই সকলোৱেই তাইক বৰ মৰম কৰিছিল ৷ ঘৰখনতো তাইৰ এক সুকীয়া স্থান আছিল ৷ বায়েক পঢ়া ওচৰৰ প্ৰাইমেৰী স্কুলখনতেই তাইৰ নাম লগাই দিছিল ৷ স্কুলতো তাই অতি সোনকালেই সকলোৰে মন জয় কৰি লৈছিল ৷ তেতিয়াৰ দিনত আজিৰ দৰে স্কুলবোৰত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা নথকাৰ বাবে কোনো ৰান্ধনী নাছিল ৷সেয়েহে দুপৰীয়া জিৰণিৰ সময়ত ছাত্ৰীবোৰে পাল পাতি জুই জ্বলাই চাহ বনাই শিক্ষাগুৰু সকলক আপ্যায়িত কৰিছিল৷ কিন্তু আমাৰ জয়াবাৰ ভাগত সেই বিষয়টো তদাৰক কৰাৰ দায়িত্বহে পৰিছিল ৷ সদায় জয়াবায়ে পাল মতে সময়ত চাহ দিছে নে তাক চাব লাগিছিল ৷ তাৰ বিনিময়ত শিক্ষকবৃন্দই জয়া বাক কাগজৰ এটি টোপোলা দিছিল য’ত নেকি তেখেতসকলে খোৱা বস্তুৰ এটা ভাগ আছিল ৷ বিশেষকৈ তাত বিষ্কুট , চানা আৰু কলহে আছিল ৷ এনেদৰেই জয়াবায়ে ৪ৰ্থ শ্ৰেণী শেষ কৰি মাধ্যমিক পৰ্যায়লৈ আহিল ৷তেতিয়াৰ দিনত পঞ্চম শ্ৰেণীৰ পৰা মাধ্যমিক আৰম্ভ হৈছিল আৰু চতুৰ্থ শ্ৰেণীত বচা বচা ছাত্ৰ- ছাত্ৰীয়ে বৃত্তি পৰীক্ষা দিবলৈ পাইছিল যিটো এতিয়াও আছে। এই পৰীক্ষাৰ বাবে আমাৰ জয়াবাও বাচনি হ’ল আৰু পৰীক্ষা দিবলৈ সাজু হ’ল | তাৰ বাবে যিখন ফৰ্ম পূৰাব লগা হৈছিল তাত দেউতাকে জয়াবায়ে পঢ়ি থকা বিদ্যালয় খনৰ কাষৰ বিদ্যালয়খনৰ নাম নিদি বায়েক পঢ়া চহৰত থকা বিদ্যালয় খনৰ নাম ভৰাই দিলে |তাতেই লাগিল কেৰোণ ৷ যেতিয়া এইকথাটো অতি কষ্টেৰে গঢ় দিয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে গম পালে তেখেতৰ বৰ দুখ লাগিল ৷ তেখেত ৰৈ নাথাকি জয়াবাৰ ঘৰ পালেগৈ জয়াবাৰ দেউতাকক লগ পাবলৈ ৷ জয়াবাৰ দেউতাকক লগ পাই প্ৰধান শিক্ষকজনে বৰ দুখেৰে ক’লে যে ককাইদেউ আপুনি মোক এটা ডাঙৰ সহায় কৰিব নে ?? জয়াৰ দেউতাক আচৰিত হৈ সুধিলে কওঁকচোন পাৰিলে মই আপোনাক সহায় কৰিম ৷ তেতিয়া প্ৰধান শিক্ষকজনে জয়াক তেখেতৰ বিদ্যালয়ত নাম লগাই দি তেখেতৰ বিদ্যালয়খন জীয়াই থকাত সহায় কৰিবলৈ ক’লে ৷ নহ’লে যে তাইৰ লগৰ বহুত ল’ৰা- ছোৱালী তেওঁ হেৰুৱাব লাগিব ৷ লগতে ক’লে যে বৃত্তি পোৱাৰ পিছত একো অসুবিধা নহয় মই অফিচত গৈ বিদ্যালয়ৰ নাম সলাই সকলো সুবিধা কৰি দিম ৷ কথা মতেই কাম ৷ দেউতাকে জয়াবাক ওচৰৰ বিদ্যালয়খনতেই নাম লগাই দিলে ৷ কিন্তু জয়াবায়ে মনতে এটি ক্ষোভ লৈ আছিল বায়েকৰ বিদ্যালয়ত পঢ়িবলৈ নাপাই৷ যেতিয়া এল . পি. বৃত্তিৰ ফলাফল ওলাল তেতিয়া সেইখন বিদ্যালয়ৰ বহুতে বৃত্তি পোৱাৰ ভিতৰত জয়াবায়েই বেছি নম্বৰ লাভ কৰিলে ৷ জয়াবাৰ ঘৰলৈ দুয়োখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল আহিল আৰু তাই যে বৃত্তি পাব তাক তেওঁলোকে আগতেই জানিছিল বুলি জয়াবাৰ মাক – দেউতাকক জনালে ৷ কেইদিনমানৰ পিছত হাইস্কুলখনৰ প্ৰধান শিক্ষকজনে ভূগোল পঢ়োৱা ছাৰজনক জয়াবা আৰু তাইৰ বন্ধুজনীক যোৰহাট দেখুৱাবলৈ পঠিয়ালে ৷ ছাৰজনে দুই বান্ধৱীক যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় , যোৰহাট বহুমূখী বালক বিদ্যালয়ৰ দৰে বিভিন্ন বিদ্যালয় দেখুৱাৰ লগতে জেইলখনো দেখুৱালে ৷ তেওঁলোক এখন ৰিক্সাত উঠি সেইবোৰ চাওঁতে ভজা বাদাম , ভজা বুট শিক্ষকজনে খুৱাইছিল ৷ জয়াবাহঁতৰ সেই দিনতো স্মৃতিৰ দাপোনত সতেজ হৈ চিৰদিনৰ বাবে ৰৈ গৈছিল ৷জয়াবায়ে তেতিয়াহে বুজিব পাৰিলে যে দেউতাকে তাইক কিমান ডাঙৰ এটা উপহাৰ দিলে ওচৰৰ চৰকাৰীকৰণ নোহোৱা বিদ্যালয়খনত নাম লগাই দি ৷ যিটো উপহাৰ জয়াবাৰ জীৱনৰ আটাইতকৈ দামী আৰু প্ৰকৃত উপহাৰ আছিল ৷ গতিকে আজিৰ পৰা তোমালোকেও প্ৰকৃত উপহাৰৰ মূল্য বুজিবলৈ চেষ্টা কৰিবাহঁক দেই ৷ এতিয়া বুজিলানে জিৎ উপহাৰ আৰু পুৰস্কাৰৰ মাজৰ পাৰ্থক্য ৷ ইয়াৰ পিছৰ বাৰত তোমালোকে মোক তোমালোকে পোৱা এনে উপহাৰ বা পুৰস্কাৰৰ কথা ক’বলৈ সাজু হৈ থাকা দেই ৷

মঞ্জুষা শৰ্মা