উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সীমা বিবাদ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ আগ্ৰহীঃ অমিত শ্বাহ

pc Deccan Herald

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰে যে কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত চলি থকা সীমান্ত বিবাদ সমাধান কৰিবলৈ আগ্ৰহী। তেওঁ লগতে ইয়াকো কয় যে চৰকাৰে অঞ্চলটোৰ ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰক গুৰুত্ব দিছে। শ্বাহে লগতে প্ৰকাশ কৰে, “এনে এটা দিন আহিব যেতিয়া জি.ডি.পি. (GDP)ত এই অঞ্চলৰ অৱদান ২০% অতিক্ৰম কৰিব। দৰিদ্ৰতা, নিবনুৱা আৰু অস্থিৰতাৰ কোনো চিন নাথাকিব”।

(UD.)