প্ৰকৃত অৰ্থত আনন্দৰ উপভোগ কৰিবলৈ হ’লে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
বৰ্তমান সময়ত আনন্দৰ পৰিভাষা সমূহ দিন প্ৰতিদিনে সলনি হবলৈ ধৰিছে। এতিয়াৰ মানুহে ভাল কাম কৰাতকৈ বেয়া কামসমূহ কৰিয়ে মনতে বৰ আনন্দৰ অনুভৱ কৰে। এতিয়া আৰু লাহে লাহে অসহায় মানুহক সহায় কৰা,কাৰোবাৰ উন্নতিৰ বাবে অন্য এজনে উচিত মাৰ্গ প্ৰদৰ্শন কৰা,আনক ঠগি বা আনৰ ধন লুণ্ঠনৰ পৰা নিজকে আঁতৰাই ৰখা, সত্যৰ মাৰ্গত আগবাঢ়ি যোৱা,আনৰ উন্নতি দেখি হিংসা কৰাৰ পৰা বিৰত থকা এইবোৰ এতিয়া আৰু আমাৰ প্ৰতিখন সমাজৰ বাবে এক সাধুকথা নহয়নে ? বৰ্তমান সময়ত প্ৰতিজন মানুহৰে অন্তৰখন এতিয়া ঘৃণা ,ইৰ্ষা আৰু হিংসাত্মক স্বভাৱৰ জৰিয়তে ভৰি পৰিছে।ফলত এতিয়াৰ মানুহে প্ৰকৃত অৰ্থত আনন্দৰ উপভোগ কৰিবলৈ পাহৰি গৈছে। কিন্তু প্ৰকৃত অৰ্থত আনন্দৰ উপভোগ কৰিবলৈ হ’লে প্ৰতিজন ব্যক্তিয়ে নিজৰ কৰ্তব্যৰ প্ৰতি মনোনিবেশ কৰা অতিকৈ দৰকাৰ। অৰ্থাৎ আমি যেতিয়া প্ৰকৃত অৰ্থত নিজে কৰি থকা কৰ্মবোৰ প্ৰতি মনোনিবেশ কৰিবলৈ আৰম্ভ কৰি দিওঁ তেন্তে আমাৰ হাতত নিজে নিজকে সংশোধন কৰাৰ প্ৰক্ৰিয়াত লগতে শিক্ষা আহৰণ প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰো। ইয়াৰ ফলস্বৰূপে আমাৰ হাতত নেতিবাচক দিশসমূহক আকোঁৱালি লৈ ঘূৰি ফুৰিবলৈ কাৰো হাততেই পৰ্যাপ্ত সময় নাথাকিব। আৰু সঁচা অৰ্থত নিজ কৰ্মৰ প্ৰতি মনোনিবেশ কৰা ব্যক্তি এজনে বেলেগৰ জীৱনত আঙুলি কৰি ৰস বুটলি থকাতকৈ নিজে কিদৰে উচিত শিক্ষা আহৰণ কৰি সৎ আৰু উন্নতিৰ দিশলৈ আগুৱাই যাব পাৰি অহৰহ ভাবে তাৰে চিন্তন-মনন কৰাত ব্যস্ত হৈ পৰে। জগতক দোষাৰোপ কৰাতকৈ,আনৰ জীৱনলৈ ঢাপলি মেলাতকৈ নিজকে পোনপ্ৰথমে সঠিকভাবে গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখক। আৰু যিদিনাখনেই দেখিব আপুনি নিজক ঠিক কৰি আগুৱাই যাবলৈ আৰম্ভ কৰি দিছে তেতিয়াই প্ৰকৃত অৰ্থত আনন্দৰ পৰিভাষা বুজিবলৈ সক্ষম হ’ব। হয়তো মই ইয়াতে লিখি সকলোবোৰ কথা আপোনালোকক বুজাবলৈ সম্ভৱপৰ নহ’বওঁ পাৰোঁ কাৰণ নিজ ব্যক্তিত্বৰ গঠনৰ প্ৰক্ৰিয়া পৰিবেশ, পৰিস্থিতি আৰু স্বয়ং নিজৰ মন, মস্তিষ্কৰ উপৰত আত্মনিৰ্ভৰশীল হয়। আমি এতিয়াৰ সময়ত হয়তো বহু লোকসকলে জীৱনত প্ৰায়বোৰ সময়তে বেয়া কৰ্ম,কাৰ্যত লিপ্ত হৈ থাকো বা লিপ্ত হৈ পৰো। কিন্তু কেতিয়াবা তাৰে মাজতে আমি হঠাৎ যদি কেতিয়াবা ভাল কাম এটা কৰোঁ তেন্তে আমি প্ৰতিজন মানুহৰে মনতে নিশ্চয়কৈ বহু আত্মসন্তুষ্টিৰ মনোভাৱৰ সৃষ্টি হয় নহয়নে? গতিকে ভাল দিশত আগুৱাই গ’লে বা সৰু সৰু ভাল কৰ্মবোৰ লগত জড়িত হৈ আমাৰ মনত উদ্ভাৱন হোৱা আনন্দৰ উৎস সমূহে হ’ল প্ৰকৃত অৰ্থত আনন্দৰ প্ৰকৃত পৰিভাষা।