প্ৰকৃতিৰ অস্তিত্ব কিমানদূৰ সুৰক্ষিত? – সুনম বিশ্বাস

প্ৰকৃতিৰ অস্তিত্ব কিমানদূৰ সুৰক্ষিত?

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

প্ৰকৃতি আমাৰ মাতৃস্বৰূপ। যাৰ বুকুত আমি সন্তানৰ দৰে লালিত – পালিত হও । আমাৰ দৈনন্দিন প্রয়োজনীয় বস্তুবোৰ প্রকৃতিয়ে যোগান ধৰে। কিন্তু আমি জীৱ শ্ৰেষ্ঠত্বৰ খিতাপ গ্রহন কৰা মানৱে জগত জননীৰ বাবে কি কৰিছোঁ? শ্রেষ্ঠত্বৰ মান ৰাখিববৈ কিমান দূৰ সক্ষম হৈছো ? দিনে দিনে আমাৰ কৰ্মবোৰে প্রকৃতিক ধ্বংসৰ গৰাহলৈহে ঠেলি দিছে। স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডল প্ৰতিটো মণ্ডলেই সংকটাপন্ন অৱস্থাত। ফলত ভুক্তভুগী কোন হৈছে ? আমি নে প্রকৃতি?মানুহৰ অমানৱীয় অত্যাচাৰৰ ফলত পৃথিৱীৰ উত্তাপ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। আমাৰ পৃথিৱী নীলা গ্রহৰ পৰা বর্তমান উত্তপ্ত অগ্নিকুণ্ডলৈ পৰিণত হৈছে। গোলকীয় উত্তাপে জগত জুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। দেশত উত্তাপে ৫০° চেলচিয়াছৰ সীমা অতিক্ৰম কৰিছে।

” ধৰিত্ৰী দিৱস” , “বিশ্ব পৰিৱেশ দিৱস” ইত্যাদি দিৱস পালন কৰাত আমি পাৰ্গত , কিন্তু এই দিৱসসমূহৰ যি তাৎপৰ্য থাকে সেইবোৰ আখৰে আখৰে পালন কৰাত আমি কিমানদূৰ সফল? মানুহৰ মাজত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে যি সজাগতা বৃদ্ধিৰ বাবে দিৱসবোৰ পালন কৰা হয় , সেইবোৰৰ প্ৰতি আমি কিমানদূৰ সজাগ হও? এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ ২০২৪ সংস্কৰণত “আমাৰ ভূমি” শ্লোগানৰ অধীনত ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপকতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। কিয়নো দিনে দিনে আমাৰ পৃথিৱীখন মৰুকৰণৰ দিশে গতি কৰিছে । তাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰসংঘই পদক্ষেপ গ্ৰহন কৰিছে।

মানুহৰ অস্বাভাৱিক কাৰুকাৰ্যৰ ফলত বায়ুমণ্ডল উত্তপ্ত হৈ পৰিছে । দিনে দিনে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈয়ে আছে।উৎকট গৰমে দেশজুৰি মানুহৰ হাহাকাৰৰ সৃষ্টি কৰিছে। যিখন ঠাইত মানুহে গছ-কাটি আধুনিকতাৰ সৌধ নিৰ্মাণ কৰিছে , সেই সৌধৰ তলতে আজি দম বন্ধ হোৱাৰ উপক্রম হৈছে। আভিজাত্যৰ অট্টালিকাত অহৰ্নিশে এ.চি.ৰ তলত বহি কিমান দিন চলিবলৈ সক্ষম হম? আন এচামে প্ৰখৰ ৰ’দত ‘গাত বৰষুণ আৰু ৰ’দ নলগা মানুহ’ৰ দৰে পথাৰত খাটিছে । দেশৰ জনসাধাৰণৰ মুখত অন্ন তুলি দিবলৈ। তেওঁলোকৰ কথা ভাবিছোনে এবাৰ ! এচামৰ ভুলৰ বাবে আমি সকলোৱে তাৰ কর্মফল ভুগিছো এনেকুৱা উত্তপ্ত পৰিস্থিতিয়ে প্রাণ নাস কৰাৰ লগতে পৃথিৱীৰ অস্তিত্বকে সংকটাপন্ন কৰি তুলিছে।

ঋতু অনুসৰি যি হাৰত বৰষুণনৰ প্রয়োজন  সেই অনুপাতে হোৱা নাই, নদ – নদীৰ বুকু এতিয়াও উদং হৈ আছে । ধৰালৈ যেন ধ্বংসৰ খৰাং নামি আহিছে। এতিয়াও আমি সজাগতা অৱলম্বন কৰাৰ প্রয়োজনবোধ নকৰো। চৰকাৰে প্ৰকৃতিৰ ৰক্ষাৰ্থে বৃক্ষ ৰোপনৰ নানান কাৰ্যসূচী, নানান আঁচনি গ্রহণ কৰিলেও সেইবোৰ বৰ্তমান অচলাৱস্থাত। আত্মসহায়ক গোটকে আদি কৰি নানান অনুষ্ঠান প্ৰতিষ্ঠানলৈ প্ৰদান কৰা অমৃতবৃক্ষৰ কেইজোপা বৃক্ষ জীৱিত আছে ?লালন-পালনৰ অভাৱত সেইবোৰো মাটিৰ বুকুত বিলীন হৈ গৈছে।

আমি আমাৰ সুবিধার্থে গছ-গছনি কাটি  দোকান-পোহাৰ, কাৰখানাকে আদি কৰি ৰাস্তা , উৰণীয়া সেতু নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছো আৰু সেই সেতুৰ বুকুতে ডাঙৰ ডাঙৰ আখৰেৰে ছবিৰ সৈতে লিখিছো ‘গছ বছাওক পৃথিৱী বচাওক’। হে মানৱ সমাজ! ধিক্কাৰ এই জীৱনক।নিজহাতে পৃথিৱীৰ ধ্বংসৰ ৰচনা কৰি নিজৰ মৃত্যুক হাত বাউলি দি মাতি আনিছে।

তদুপৰি গছ-গছনিৰ চোৰাং ব্যৱসায়তো আছেই অন্যহাতে আভিজাত্য প্ৰতিপত্তিশীলৰ গৰিমা ৰক্ষা কৰিবলৈ গৈ যিসকলে গছ- গছনি কাটি ফার্নিচাৰ বনাই গৃহসজ্জা কৰিছে । পাৰিছোনে সেইখিনিৰে প্রাণবায়ু ৰক্ষা কৰিবলৈ? গৰমৰ পৰা পৰিত্ৰান পাবলৈ আধুনিক সমাজে এ.চি, কুলাৰ নানান আধুনিক শীতল কৰা যন্ত্ৰবোৰ, ব্যবহাৰ কৰিছে । কিন্তু  তেনেকৈ কিমান দিন চলিব ?

পৰিৱেশৰ কোনো এটা দিশেই পৃথিৱীৰ উত্তাপৰ পৰা বাদ পৰা নাই। না ঘৰৰ ভিতৰত থাকিব পৰা গৈছে না বাহিৰত। এক অসহ্যকৰ পৰিস্থিতিৰ কবলত পৰি নানান বেমাৰে দেখা দিছে । প্ৰচণ্ড উচ্চ ৰক্তচাপৰ ৰুগীৰ জীৱন সংকটাপন্ন কৰাৰ লগতে সুস্থ লোকো অসুস্থ হৈ পৰিছে। বৰ্ধিত গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে বিদ্যালয়ত পাঠদানৰ সময়সূচী সলনি কৰিছে যদিও গৰমে বিদ্যায়লৰ কণ কণ ছাত্ৰ – ছাত্ৰীসকলৰ অৱস্থা শোচনীয় কৰি পেলাইছে। ৰাতিপুৱা ১০/১১ বজাৰ লগে লগে পানীৰ টেংকি গৰম হৈ যায়। টেপৰ পানীত হাত দিব নোৱাৰা অৱস্থা হয় , জুইৰ দৰে গৰম হৈ পৰে পানী । ঘামি- জামী ল’ৰা-ছোৱালীৰ পঢ়াৰ প্ৰতি মনোযোগ দিবলৈয়ো ব্যৰ্থ  হৈ পৰে। এনেকুৱা নানান সমস্যাই দেখা দিছে । নাজানো পৃথিৱীখনে কিমান ভয়ংকৰ বিপদৰ সন্মুখীন হ’বলৈ গৈ আছে! উষ্ণ , শুষ্ক পৃথিৱীত জীৱজগতৰ অস্তিত্বই বা কিমান দূৰ বৰ্তি থাকিব..!

গতিকে, আহক আমাৰ প্রকৃতিক চিৰসেউজ কৰি ৰাখিবলৈ হাতে হাতে গছ-পুলি লৈ ৰোপন কৰো। সেইবোৰ নিজৰ সন্তানৰ দৰেই লালন – পালনৰ দায়িত্ব গ্ৰহন কৰাৰ প্ৰতি শ্ৰদ্ধাশীল হও। নিজৰ লগতে প্ৰকৃতিৰ অস্তিত্ব সুৰক্ষিত কৰাৰ অমোঘ অস্ত্ৰ আমাৰ হাততেই আছে । ইচ্ছা কৰিলেই প্ৰকৃতিৰ প্ৰতি কৰা অমানৱীয় কামবোৰ বৰ্জন কৰিব পাৰো আৰু প্ৰত্যেকেই প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ হৈ জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব পাৰো। বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীক পৰিৱেশ সুৰক্ষাৰ শিক্ষা দিয়াৰ লগতে হাতে – কামে গছ- গছ-গছনি ৰোপনৰ লগতে লালন-পালনৰ শিক্ষা দিয়া উচিত । তেতিয়াহে নৱপ্রজন্মই সৰুৰ পৰাই এই দিশত সজাগ হোৱাৰ শিযক্ষা পাব ।আহক আমি সকলোৱেই সুস্থ নিটোল পৰিৱেশ সৃষ্টি কৰি  সুস্থিৰে জীৱন যাপন কৰো ।পৃথিৱীখনৰ বৃক্ক তথা হাওঁফাওঁ সুৰক্ষিত কৰি ৰাখিবলৈ কেৱল একোটা নিৰ্দ্দিষ্ট দিন নিৰ্ধাৰণ কৰি উদযাপন কৰাতকৈ প্ৰত্যেকটা দিনেই উদযাপন কৰা উচিত।