প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিটি আয়োগৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ৰাষ্ট্ৰপতি ভৱনৰ কালচাৰেল চেণ্টাৰত নীতি নির্ধাৰণকাৰী সর্বোচ্চ সংস্থা নিটি আয়োগৰ বৈঠক অনুষ্ঠিত হয়। ‘বিকশিত ভাৰত ২০৪৭’ থীমেৰে বৰ্ষটোৰ বৈঠকখনত বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া হয়। দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপ-ৰাজ্যপালকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীৰ পদেন সদস্য, নিমন্ত্রিত সদস্য আৰু স্থায়ী সদস্যৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত বিকশিত ভাৰতক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক প্রাধান্য দিয়া হয়। খোৱাপানী, বিদ্যুৎ, স্বাস্থ্য, বিদ্যালয় আৰু ভূমি-সম্পত্তি সন্দৰ্ভত এই বৈঠকত কেইবাটাও সিদ্ধান্তত অনুমোদন জনোৱা হয়। বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ‘বিকশিত ভাৰত ২০৪৭’ গঢ়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভাৰতীয় আৰু ৰাজ্যসমূহে সক্রিয় ভূমিকা গ্রহণ কৰিব পাৰে। জনতাৰ সৈতে প্রত্যেক্ষভাৱে সম্পর্কিত ৰাজ্য চৰকাৰসমূহে ‘বিকশিত ভাৰত’ গঢ়াৰ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলি কয় নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি নিটি আয়োগৰ সদস্য কেন্দ্রীয় মন্ত্রীসকল উপস্থিত থাকে। তাৎপর্যপূর্ণ যে বিৰোধী ‘ইণ্ডিজোঁট’ৰ অধিকাংশ ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এই বৈঠক বৰ্জন কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে এই বৈঠকত উপস্থিত থাকে যদিও তেওঁক কথা ক’বলৈ সুযোগ নিদি মাইক্র’ফোন বন্ধ কৰি দিয়াৰ বাবে বৈঠক আধাতে এৰি আহে। বৈঠক মাজভাগতে এৰি অহা মমতা বেনাৰ্জীয়ে কৰা অভিযোগ কেন্দ্ৰই খাৰিজ কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত নিৰ্ধাৰণ কৰা সময়খিনি অতিক্ৰম কৰাৰ পিছতে মাইক্র’ফোন বন্ধ কৰি দিয়া হৈছে। আনপিনে মুখ্যমন্ত্রী মমতা বেনার্জীয়ে প্ৰকাশ কৰা মতে, তেওঁ বক্তব্য আগবঢ়োৱাৰ সময়ত বাৰম্বাৰ ৰিং বজাই বক্তব্য দিয়াত বাধা দিয়াৰ পিছত মাইক্র’ফোন বন্ধ কৰি দিয়ে। ইয়াকে লৈ শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলৰ মাজত তীব্ৰ বাকযুদ্ধ চলিছে। আনপিনে এই বৈঠক কংগ্ৰেছশাসিত ৰাজ্য কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে বৰ্জন কৰে। তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মান আৰু দিল্লীৰ চৰকাৰেও এই বৈঠক বৰ্জন কৰে। আনহাতে শাসকীয় এনডিএৰ সহযোগী দল জেডিইউৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰও এই বৈঠকত উপস্থিত নাথাকে। অৱশ্যে বিহাৰৰ দুগৰাকী বিজেপিৰ উপ-মুখ্যমন্ত্রীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে।