প্রতিষেধক লোৱাৰ পাছতে ডেল্টা প্লাছ প্ৰকৰণৰ দ্বাৰা হোৱা সংক্ৰমণত মুম্বাইত এজনৰ মৃত্যু
অনলাইন বাৰ্ত্তাসেৱা – কৰ’নাৰ দুয়োপালি প্রতিষেধক লোৱাৰ পাছতে ডেল্টা প্লাছ প্ৰকৰণৰ দ্বাৰা সংক্রমিত হৈ ৬৩ বছৰীয়া এগৰাকী মহিলাৰ ২৭ জুলাইত মৃত্যু হয়। মুম্বাইৰ এই মহিলাগৰাকী কৰ’নাত সংক্ৰমিত হৈছিল ২১ জুলাইত। অৱশ্যে মহিলাগৰাকী মধুমেহকে ধৰি কেইবাটাও শাৰীৰিক সমস্যাত ভুগি আছিল। মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত যোৱা মাহত কৰ’নাৰ ডেল্টা প্লাছ প্ৰকৰণৰ সংক্ৰমণত এগৰাকী ৮০ বছৰীয়া মহিলাৰ মৃত্যু ঘটাৰ পাছত মুম্বাইত আন এগৰাকী মহিলাৰ মৃত্যু ঘটে উক্ত সংক্রমণত। উল্লেখ্য যে দুয়োপালি প্ৰতিষেধক লোৱাৰ পাছতে মুম্বাইত সাতজন লোক কৰ’নাৰ ডেল্টা প্লাছ প্ৰকৰণৰ দ্বাৰা সংক্রমিত হৈছে। ইতিমধ্যে, স্বাস্থ্য বিভাগে সংক্রমিত এই লোকসকলক লৈ বিশেষ সাৱধানতামূলক ব্যৱস্থা অৱলম্বন কৰিছে। উল্লেখ্য যে ২৭ জুলাইত মৃত্যু ঘটা মহিলাগৰাকীৰ কোনো ভ্রমণ বৃত্তান্ত নাছিল।
(UD.)