পোহৰৰ উৎসৱ দিপাৱলী- সংযুক্তা দত্ত

Pc- A PLUSTopper

পোহৰৰ উৎসৱ দিপাৱলী

পোহৰৰ উৎসৱ দেৱালী বা দিপাৱলী হৈছে হিন্দু ধৰ্মালম্বী লোক সকলৰ এক বিশেষ উৎসৱ। পৌৰাণিক কথা বা হিন্দু কেলেণ্ডাৰৰ অনুসৰি ইয়াক পালন কৰা হয় প্ৰতি বছৰৰ কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱশ্যাৰ দিনটোত সাধাৰণতে দিপাৱলীৰ দিনটো হিন্দু ধৰ্মালম্বী লোক সকলে ভগৱান গনেশ আৰু লক্ষ্মীদেৱীক পূজা আৰাধনা কৰা দেখা যায় । বিশ্বাস অনুসৰি সেইদিনা গনেশ আৰু লক্ষ্মী পূৰ্জনৰ ফলত পৰিয়ালৰ সদস্য সকলৰ মাজত সুখ-সম্প্ৰতি অটুত থাকে। আৰু ধন সম্পতি বৃদ্ধি পায় বুলি বিশ্বাস কৰি অহা হৈছে।  দিপাৱলীৰ দিনাখন সকলোৱে ঘৰ খন সুন্দৰকৈ সজাই তোলে। আৰু ওচৰ চুবুৰীয়া সকল ইঘৰে সিঘৰলৈ যায়। দিপাৱলী সৰু সৰু ল’ৰা ছোৱালীৰ পৰা বয়োজেষ্ঠ জনলৈকে সকলোৱে আনন্দত ফট্‌কা , ব’ম , ফুলজাৰি , কলগছ, কেৰেলুৱা আদি জ্বলাই। ফট্‌কা আৰু ব’ম ফুটুৱাটো চৰকাৰে বাধা প্ৰদান কৰিছে । কিয়নো এই ফট্‌কা আৰু ব’মে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে । ইয়াৰ দ্বাৰা বিভিন্নজনৰ বেমাৰ আজাৰ সৃষ্টি হয়। তাতোকৈয়ে ডাঙৰ কথা হ’ল – ব’ম আৰু ফট্‌কা ফুটোৱাৰ অসাৱধানতাৰ দ্বাৰা এজন ব্যক্তিৰ জীৱনলৈ অন্ধকাৰ নামি আহে । পৰাপক্ষত আমি ব’ম, ফট্‌কা ফুটাব নালাগে । চাকি আৰু মমৰ পোহৰৰে পোহৰাই ৰাখিব লাগে। আমি যদি শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি নকৰো তেতিয়া আমাৰ নিজৰ কাৰণেই ভাল। সকলোলৈকে দিপাৱলীৰ অশেষ শুভকামনা থাকিল।

সংযুক্তা দত্ত