পেট্ৰ’ল ঢালি পত্নীক জীৱন্তে জ্বলাই হত্যা কৰিলে স্বামীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- জোনাইত ভয়ংকৰ ঘটনা। স্বামীয়ে পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হত্যা কৰিলে পত্নীক।জোনাইৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ কৰৈবাৰীত সংঘটিত হয় এই জঘন্য কাণ্ড। এই জঘন্য ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, সোমবাৰে সন্ধিয়া সুৰাসক্ত স্বামী ধনঞ্জয় হাজোৱাৰীয়ে পত্নী মিনা স্বৰ্গীয়াৰীৰ সৈতে পাৰিবাৰিক কণ্ডলত লিপ্ত হৈছিল। তেনে সময়তে সুৰাসক্ত অৱস্থাত থকা স্বামীয়ে পত্নীৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। লগে লগে ঘটস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ মহিলাগৰাকীৰ গাত পানী ঢালি কোনোমতে জুই নুমাই যদিও ইতিমধ্যে মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংগ জ্বলি গৈছিল। তেওঁক সংকটজনক অৱস্থাত স্থানীয় লোকে চিকিৎসালয়লৈ লৈ যায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । পিছে মহিলাগৰাকীক ডিব্ৰুগড় চিকিৎসালয়লৈ নি থকাৰ সময়তে মৃত্যু হয় । এই ঘটনাৰ পিছতে জোনাই আৰক্ষী আৰু চিমেন চাপৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ স্বামীক আটক কৰে । মহিলাগৰাকীৰ মৃতদেহ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে ।