অনলাইন বাৰ্ত্তাসেৱা- ‘দ্যা ৱেৰ’ এ প্ৰকাশ কৰা বাতৰি অনুসৰি নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক -মুইভা গোটে ভাৰত চৰকাৰৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ স্বাক্ষৰিত কৰাৰ পিছৰে পৰা ২০১৭ চনৰ পৰা ২০১৯ চনলৈ চাৰি গৰাকী শীৰ্ষনেতা তথা থুইগালেং মুইভা উত্তৰাধিকাৰী বুলি গণ্য কৰা অটেম ভাছুম , ভতিজাক অপম মুইভা , নগা আৰ্মিৰ পূৰ্ব সেনাধ্যক্ষ এনন্থি ছিমৰে আৰু বৰ্তমান সেনাধ্যক্ষ ফুটিঙ ছিমৰাংগৰ ফোন টেপিং কৰি সকলো গতিবিধি নিৰীক্ষণ কৰিছিল । আনহাতে ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা ভাগ লোৱা নাগা পলিটিকেল গ্ৰুপৰ সমন্ধয়ক এন কিটভি ঝিমমিৰ ফোন ২০১৯ চনত মাজভাগত টেপিঙ কৰাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখযোগ্য যে ২০১৯ চনত এন এছ চি এনৰ সৈতে ভাৰতৰ চৰকাৰৰ আলোচনা বিফল হোৱাৰ পিছত সেনাধ্যক্ষ ফুটিঙ ছিমৰাংগ আৰু অপম মুইভাই নাগালেণ্ড এৰি ইষ্টাৰ্ণ নাগালেণ্ড হৈ চীনলৈ যোৱা তথ্য পোহৰলৈ অহাত তেওঁ লোকৰ ফোন তথ্য টেপিঙৰ জৰিয়তে গতিবিধিৰ নিৰীক্ষণ কৰা হৈছিল ।