পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন
বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা-   সদৌ অসম ছাত্ৰ সন্থাৰ ভেটি সৱল কৰি ৰাখিবৰ বাবে আজি মাজুলী জিলা ছাত্ৰ সন্থাৰ অংগ পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ পূণাংগ সমিতি খনক দায়িত্ব অৰ্পণ কৰা হয় । সেই অনুসৰি পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ  মুখ্য কাৰ্য্যালয়ত আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ হাজৰিকা আৰু সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখোৱাৰ উপস্থিতিত হোৱা এখনি জৰুৰী সভাই পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ পূৰ্বৰ কমিটিখন ভংগ হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে  প্ৰীতম শইকীয়া আৰু  প্ৰহ্লাদ দাসক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে বুলি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ পৰা এক বিবৃতি যোগে জনাইছে।