পূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতাৰ প্ৰথম দিনটোত অসমৰ ৫টা সোণৰ পদক লাভ

পূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতাৰ প্ৰথম দিনটোত অসমৰ ৫টা সোণৰ পদক লাভ

ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত ৩দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।প্ৰতিযোগিতাৰ প্ৰথম দিনটোত অসমে লাভ কৰিছে ৫ টা সোণ, ৩টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক। পদক বিজয়ী খেলুৱৈসকল ক্ৰমে সোণৰ পদক হেমাংগ বৰগোহাঁই (হাইজাম্প),অমিছা পেগু (চটপুত),ইণ্ডিভৰ হাজৰিকা(১৫০০মিটাৰ দৌৰ),মোছাদ্দিক হুছেইন( ৬০মিটাৰ দৌৰ),পাহি কেওঁট (২০০০মিটাৰ দৌৰ),ৰূপৰ পদক শিখামণি বৰগোহাঁই (লং জাম্প),সুভম ঘোস (জেভলিন থ্ৰ),পিন্টু বৰঠাকুৰ (হাইজাম্প) আৰু ব্ৰঞ্জৰ পদক পুলি দলে( ১৫০০মিটাৰ দৌৰ),কাদম্বৰী মুদিয়াৰ (১০০মিটাৰ দৌৰ),প্ৰবাল কোঁৱৰ( লং জাম্প), ৰিমঝিম শইকীয়া(১০০মিটাৰ দৌৰ),যুগান্ত চাংমাই( ডিচকাছ থ্ৰ), প্ৰমোদ হাগজাৰ( জেভলিন থ্ৰ),অভিষেক মহালী (৩০০০মিটাৰ দৌৰ),চাংমিৰ টেৰনপি( ৩০০০মিটাৰ দৌৰ)আৰু মেহদী হাচানে(৮০০মিটাৰ দৌৰ)।