পুনৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী- ৰিপুণ বৰা

PC- ETV Bharat

পুনৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী- ৰিপুণ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনীয়া অসম ভ্ৰমণ কাৰ্য্যসূচীক আদৰণি জনাই অসম তৃণমূল কংগ্ৰেছে এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেল সম্বোধন কৰি দলৰ সভাপতি ৰিপুণ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণসূচীৰ পুৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীই অসমবাসীক নিৰ্বাচনৰ পূৰ্বে দিয়া কিছুমান প্ৰতিশ্ৰুতি আৰু বৰ্তমান সেই প্ৰতিশ্ৰুতি সমূহ পালনত কিদৰে বিজেপি চৰকাৰ ব্যৰ্থ সেই সন্দৰ্ভত তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰে প্ৰধানমন্ত্ৰী গৰাকীলৈ। সংবাদমেলত ৰিপুণ বৰাই প্ৰশ্ন কৰে, টাই-আহোম, কোচৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু চাহজনগোষ্ঠীক ২০১৪ চনতে জনজাতি কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি আজি পৰ্য্যন্ত কিয় পালন কৰা ন’হল? লগতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে, ২০১৪ চনৰ ১৬ মে’ৰ পাচতেই অসমত থকা সকলো বিদেশীয়ে টালি-টোপোলালৈ অসম এৰিব লাগিব বুলি দম্ভৰে কৰা ঘোষণা এতিয়া ক’ত? আপোনাৰ দল আৰু চৰকাৰৰ বহুল প্ৰচাৰিত শ্নোগান “বেটি বচাও বেটি পঢ়াও” আপোনাৰ প্ৰিয় মুখ্যমন্ত্ৰীৰ আমোলত অসমত এক প্ৰহসনত পৰিণত হৈছে৷ NCRB 2021ৰ প্ৰতিবেদন মতে মহিলাৰ বিৰুদ্ধে অপৰাধ সমগ্ৰ ভাৰতৰ ভিতৰত অসমত একেৰাহে 5 বছৰৰ বাবে সৰ্বভাৰতীয় তুলনাত আটাইতকৈ বেছি৷ 2016 চনত অসমত BJP চৰকাৰে শাসনভাৰ লোৱাৰ পৰা 2023 লৈ অসমত 13,210 ধৰ্ষণ গোচৰ, 40,107 মহিলা অপহৰণ গোচৰ আৰু মহিলা নিৰ্য্যাতনৰ গোচৰৰ সংখ্যা হ’ল 1, 73, 210 ৷ অসমৰ BJP দলৰ মুখ্য কাৰ্য্যলয় বাজপেয়ী ভৱনতে মহিলা ধৰ্ষিতা হোৱা, বিজেপি নেতাৰ অত্যাচাৰত বিজেপি মহিলা নেত্ৰীয়ে আত্মহত্যা কৰা ঘটনাৰ পাচত “বেটি বচাও বেটী পঢ়াও” শ্লোগান দিয়াৰ কিবা অৰ্থ থাকিল জানো? আপোনাৰ জনপ্ৰিয় শ্লোগান “না খাউংগা—না খানে দুংগা” কিন্তু আপোনাৰ দলৰ সংসদীয় কমিটিৰ প্ৰস্তাৱত 2015 চনত ভাৰতৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্হ মন্ত্ৰী হিচাপে নাম থকা হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগ দিয়াৰ লগে লগেই দুৰ্নীতি মুক্ত কেনেকৈ হ’ল? আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত তেওঁৰ সীমাহীন দুৰ্নীতি, তেওঁৰ পত্নীৰ একাধিক ভূমি কেলেংকাৰী, ১৭ বছৰ বয়সত তেওঁৰ পুত্ৰ ২১টা কোম্পানীৰ মালিক, কয়লা, চুপাৰীকে ধৰি মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত বিভিন্ন চিণ্ডিকেট, এখনৰ পাচত এখনকৈ মুখ্যমন্ত্ৰীৰ চাহবাগান, ৰিজৰ্ট ক্ৰয়, পৰ্বতসম সম্পত্তি এই বিলাকৰ বিৰুদ্ধে তদন্তৰ বাবে আপোনাৰ ED, CBIক নিৰ্দ্দেশ দি আপোনাৰ শ্লোগান “না খাউংগা—না খানে দুংগা”ৰ সত্যতা প্ৰমাণ কৰিবনে? অসমলৈ আহিলে আপুনি সভাই সমিতিয়ে “A for Assam” বুলি কথাই প্ৰতি উল্লেখ কৰে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ বুলি সম্বোধন কৰে৷ কিন্তু স্বাধীনতাৰ পাচৰে পৰা আজি পৰ্যন্ত সৰ্বাধিক ঋণ লৈ কেৱল নিৰ্বাচনত জিকিবৰ বাবে ভোট ক্ৰয় কৰিবলৈ জধেমধে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি অসম বৰ্তমান ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ ঋণৰ বোজাত কোঙা কৰি আৰু অসমৰ প্ৰতিজন ব্যক্তিৰ ওপৰত প্ৰায় ৪০ হাজাৰ টকাৰ ঋণৰ বোজা দি লগতে অসমৰ বাৰ্ষিক বাজেটৰ প্ৰায় ২০% ধন কেৱল ঋণৰ সুত পৰিশোধ কৰোতে ব্যায় কৰি অসমক অষ্টলক্ষ্মীৰ দেশ কৰিব নে এক কাঙালৰ দেশ কৰিব?আপুনি অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ বনোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাচত সৰ্বভাৰতীয় পৰ্য্যায়ত অসম তথা উত্তৰ পুৰ্বাঞ্চলৰৰ ৰাজ্য কেইখনৰ প্ৰগতিৰ ৰূপৰেখা এনেধৰণৰ— ঘৰুৱা উৎপাদনত 17 নম্বৰত অসম, 26 নম্বৰত মেঘালয়, 27 নম্বৰত মণিপুৰ, 28 নম্বৰত ছিকিম, 30 নম্বৰত নাগালেণ্ড, 31 নম্বৰত অৰুণাচল, 32 নম্বৰত মিজোৰাম আৰু 33 নম্বৰত ত্ৰিপুৰা৷ এনে পয়ালগা অৰ্থনৈতিক অৱস্থাত থকা উত্তৰ পুৰ্বাঞ্চলক আপুনি এই দহ বছৰত অষ্টলক্ষ্মীৰ দেশ বুলি কেৱল সম্বোধন কৰাৰ বাহিৰে কি পদক্ষেপ ললে? সৰ্বভাৰতীয় পৰ্য্যায়ত ৰাজ্যসমূহৰ জনমুৰি আয়ৰ তালিকাত অসম সৰ্বনিম্ন৷ অসমৰ জনমুৰি আয় বৰ্তমান ১ লাখ ১২ হাজাৰ টকা৷ আপোনাৰ “A for Assam”ৰ অৰ্থ এইটোৱে নেকি? অসমকে ধৰি উত্তৰ পুৰ্বাঞ্চলৰ ৰাজ্য সমূহে DONER মন্ত্ৰালয়ৰ পৰা বিভিন্ন প্ৰজেক্টৰ বাবদ পাবলগীয়া প্ৰায় ৪ হাজাৰ কোটি টকা আজি পৰ্য্যন্ত মোকলাই দিয়া নাই৷ এইয়াই আপোনৰ Double Engine চৰকাৰৰ স্বৰূপ নেকি? বছৰত ২ কোটিকৈ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে ৰাজ্যখনত আজিৰ তাৰিখত পঞ্জীয়নভুক্ত 1,23,2257 নিবনুৱাৰ বিপৰীতে মাত্ৰ ১ লাখ নিবনুৱা যুৱক যুৱতীক হে ৰাজ্য চৰকাৰে নিয়োগৰ লক্ষ্য লৈছে। এইয়া আপোনাৰ চৰকাৰৰ প্ৰতাৰণা নহয়নে? অসমৰ দীৰ্ঘদিনীয়া বানপানী সমস্যা লাঘৱৰ বাবে ব্ৰহ্মপুত্ৰ নদী খনন কৰি ইয়াৰ দুয়োপাৰে Express Highway নিৰ্মাণ কৰা হ’ব বুলি আপোনাৰ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰী দেৱ আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ অসমতে বহুল প্ৰচাৰ কৰিলে যদিও আজি পৰ্য্যন্ত এই কামত এচপৰাও মাটি কিয় দিব পৰা নাই ইয়াৰ কাৰণ জনাবনে?2015 চনত আপুনি গুৱাহাটী উত্তৰপুৰ্বাঞ্চলৰ আটাই কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকলৈ মিটিং পাতি ঘোষণা কৰিছিল যে অসমক বানমুক্ত কৰা হ’ব৷ আনকি ব্ৰহ্মপুত্ৰৰ বানপানীৰ উৎপত্তিৰ বাবে গৱেষণা কৰিবৰ বাবে আপুনি 100 কোটি টকা ঘোষণা কৰি যোৱাৰ পাচত আজি পৰ্য্যন্ত বানপানীৰ ক্ষয়ক্ষতিৰ বাবদ অসমে পাবলগীয়া কেবাহাজাৰ কোটি টকা মোকোলাই দিয়া নাই৷ ইয়াৰোপৰি আপোনাৰ অধ্যক্ষতাত অনুষ্ঠিত 2015 চনৰ উত্তৰ পুৰ্বাঞ্চলৰৰ মুখ্যমন্ত্ৰী সকলৰ বৈঠক বানপানীৰ উৎপত্তিৰ গৱেষণাৰ বাবে অনুমোদিত 100 কোটি টকা আজি পৰ্য্যন্ত মুকলি কৰি নিদিলে৷ এইয়া অসমৰ প্ৰতি আপোনালোকৰ চৰম প্ৰতাৰণা নহয়নে নে? অসমৰ লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু পাঁচগ্ৰাম কাগজ কল পুনৰুজ্জীৱিত কৰা হ’ব বুলি আপুনি ঘোষণা কৰি বৃহৎ মাটি, সা-সম্পতি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰা আৰম্ভ কৰিছে ইয়াৰ কাৰণ জনাবনে?ইয়াৰ লগতে সভাপতি ৰিপুণ বৰাই উল্লেখ কৰে যে, “প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই তেওঁ অসমবাসী আৰু অসমৰ বাবে অসমত আহি নানান ধৰণৰ প্ৰতিশ্ৰুতি দি অসমবাসীক আজি যি ধৰণে প্ৰতাৰণা কৰিছে সেয়া আমি অসমবাসীয়ে কোনোদিন পাহৰিব নোৱাৰোঁ আৰু এই সকলোবোৰৰ প্ৰত্যুত্তৰ অসমবাসী ৰাইজে সঠিক সময়ত দিব বুলি আমি আশাবাদী।”