পুনেত হেলিকপ্টাৰ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- পুৱাই সংঘটিত হ’ল এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈ এই দুৰ্ঘটনাটো। এই দুৰ্ঘটনাৰ ফলত দুজন পাইলট আৰু এজন অভিযন্তাৰ মৃত্যু হৈছে।পুৱা প্ৰায় ৬.৪৫ বজাত বাৱধন অঞ্চলত দুৰ্ঘটনাত পতিত হয় হেলিকপ্তাৰখন। মুম্বাইলৈ যাত্ৰা কৰা হেলিকপ্টাৰখনত আছিল তিনিজন লোক। ইয়াৰে দুজন পাইলট পৰমজিত সিং আৰু জি কে পিল্লাই আৰু এজন অভিযন্তা প্ৰিতম ভৰদ্বাজ। প্ৰাথমিক তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন পুনেৰ হেৰিটেজ এভিয়েচনৰ অধীনৰ আছিল। ইয়াৰ পঞ্জীয়ন নম্বৰ ভিটি ইভিভি।দুৰ্ঘটনাৰ কাৰণ এতিয়াৈল পোহৰলৈ অহা নাই। ডাঠ কুঁৱলিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে পুনেৰ বাৱধানত সংঘটিত হোৱা এই হেলিকপ্টাৰ দুৰ্ঘটনাস্থলীত দুখনলৈ এম্বুলেঞ্চ আৰু চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈছে। অৱশ্যে ইতিমধ্যে হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে বাৱধানৰ শীৰ্ষ আৰক্ষী বিষয়াসকলো।