পুনঃসংস্থাপন নিদিয়াকৈ কৰা উচ্ছেদ মানৱতা বিৰোধীঃ তৃণমূল কংগ্ৰেছ

পুনঃসংস্থাপন নিদিয়াকৈ কৰা উচ্ছেদ মানৱতা বিৰোধীঃ তৃণমূল কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম তৃণমূল কংগ্ৰেছৰ এক সঁজাতি দলে সোমবাৰে মহানগৰীৰ শিলসাঁকোৰ উচ্ছেদস্থলীত উপস্থিত হৈ বিজেপি চৰকাৰৰ উদ্যোগত চলাই থকা উচ্ছেদৰ বিৰোধিতা কৰে। অসম তৃণমূল কংগ্ৰেছৰ কামৰূপ মহানগৰ সমিতিৰ সভাপতি তপন কলিতাৰ নেতৃত্বত যোৱা এটা দলটোৱে উচ্ছেদিত কাষত উপস্থিত হৈ সহমৰ্মিতা প্ৰকাশ কৰে। অসম তৃণমূল কংগ্ৰেছৰ নেতা তপন কলিতাই শিলসাঁকো বিল উচ্ছেদৰ বিৰোধিতা কৰি কয় যে প্ৰশাসন-চৰকাৰে পুনঃসংস্থাপনৰ বিষয়টোত গুৰুত্ব নিদি প্ৰথমে উচ্ছেদৰ ওপৰতহে গুৰুত্ব দিছে। যি সময়ত চৰকাৰে শিলসাঁকোত বিভিন্ন প্ৰতিষ্ঠান তথা বণিকগোষ্ঠীক ভৱন স্থাপনৰ অনুমতি দি বিদ্যুৎ যোগান ধৰি আহিছে তেনে সময়ত প্ৰশাসনে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ ঘৰবোৰ উচ্ছেদ কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। প্ৰশাসনে পাঁচৰ পৰা দহ লাখ ক্ষতিপূৰণৰ কথা উল্লেখ কৰিছে যদিও সেয়া কিদৰে দিয়া হ’ব বা উচ্ছেদিতৰ পুনঃসংস্থাপন ক’ত কৰা হ’ব, সেই সম্পৰ্কত কোনো স্পষ্ট ধাৰণা দিবলৈ সক্ষম হোৱা নাই। গুৱাহাটীৰ শিলসাঁকো জলাশয়ত হোৱা অবৈধ দখল গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ আচিলাৰে মুক্ত কৰাৰ প্ৰসংগৰে ২০২২ৰ পৰা প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযানক লৈ ইতিমধ্যে বিশেষ চৰ্চা আৰু অসন্তুষ্টি চলি আছে। ইয়াৰ মাজতে ১ ছেপ্তেম্বৰৰ পৰা পুনৰাই ১২০ বিঘা মাটি দখলমুক্ত কৰাৰ লক্ষ্যৰে পুলিচ-প্ৰশাসনে শিলসাঁকোত উচ্ছেদ অভিযান আৰম্ভ কৰিছে।এই উচ্ছেদ অভিযানৰ আৰম্ভণিতে স্থানীয় বাসিন্দই প্ৰতিবাদৰ চৰম পন্থা হাতত তুলি লয়। পুলিচ-প্ৰশাসনক বাধা দিয়াৰ বাবে স্থানীয় বাসিন্দাই প্ৰতিদিনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল যদিও আজি উচ্ছেদ কৰিবলৈ যোৱা পুলিচ-প্ৰশাসনক বাধা দিয়াৰ বাবেই একাংশ মহিলাই কাপোৰ খুলি অৰ্ধনগ্ন হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰে। মানৱতা ভূলুণ্ঠিত হোৱাৰ কাৰ্যক্ৰমেও যেন পুলিচ-প্ৰশাসনৰ হৃদয় গলাব নোৱাৰিলে আৰু অৱধাৰিতভাৱেই সৰ্বসাধাৰণ ৰাইজৰ বুকুত খুন্দা মাৰি তেওঁলোকৰ ঘৰবোৰত বুলডজাৰ চলোৱা হ’ল। সৰ্বসাধাৰণৰ ঘৰবোৰত বুলডজাৰ চলিল সঁচা কিন্তু বণিকগোষ্ঠীৰ প্ৰতিষ্ঠান, ৰাজনীতিক আজমলৰ প্ৰতিষ্ঠান তথা অন্য প্ৰতিষ্ঠানবোৰ তেনেদৰেই থিয় হৈ থাকিল।অসম তৃণমূল কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি তপন কলিতা, মহানগৰ তৃণমূল মহিলা কংগ্ৰেছৰ ৰেখা বুঢ়াগোহাঁই সমণ্বিতে অন্য নেতৃত্বই শিলসাঁকোৰ উচ্ছেদিতৰ পুনঃসংস্থাপন শীঘ্ৰে কৰিবলৈ চৰকাৰক দাবী জনায়।