পুজণীয় মা দেউতা- বিষ্ণুপ্ৰিয়া বৰা 

Pc Lumen Learning

পুজণীয় মা দেউতা

জন্ম হৈছিলো মই ‌
দুহেজাৰ ন চনৰ এঘাৰ অক্টোবৰত।
মা দেউতা ককা আইতাৰ
চেনেহৰ কোলাত
এদিন দুদিনকৈ ডাঙৰ হলো।
আধা ফুটা মাতেৰে হাঁহি‌ বিৰিঙালো।
এখোজ দুখোজকৈ খোজ পেলালো ।
মাৰ হাতত ধৰি পঢ়াশালি লৈ গʼলো।
ছাৰ বাইদেউ মৰম বোৰ
আকোঁৱালি ললো।
মায়ে শিকোৱা প্ৰথম ‌আখৰ
অ,আ,ক,খ মাতিলো।
মা‌ দেউতা পুজণীয় অতি মৰমৰ
তেওঁলোকৰ কথাবোৰ
অতি গুৰুত্বৰ।
জন্ম দিয়া মা দেউতা ৰ
আশা পুৰণ কৰিম
তেতিয়াহে মা দেউতা ৰ
ধাৰ সুজিব পাৰিম।
মা দেউতাই ভগৱান কৰিম শ্ৰদ্ধা
তেতিয়াহে জীৱন বাটত
আগুৱাই যাব পাৰিম।।

বিষ্ণুপ্ৰিয়া বৰা 
চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়, তিতাবৰ
সপ্তম শ্ৰেণী