পি এফ আইৰ অসমক অশান্ত কৰিবলৈ ৭ কোটিৰ পুঁজি

Pc- Bolly Superstar

পি এফ আইৰ অসমক অশান্ত কৰিবলৈ ৭ কোটিৰ পুঁজি

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যৰ প্ৰায় ৭০ লাখ ইছলামধৰ্মী লোকৰ পৰা ১০ টকাকৈ সংগ্ৰহ কৰি ৭ কোটি টকাৰ পুঁজি একত্ৰিত কৰি আছে ইছলামীয় দৰ্শন শ্বৰীয়তৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লক্ষ্যৰে গঠন হোৱা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পি এফ এই) সংগঠনটোৱে। ধলপুৰ অঞ্চলৰ বেদখলকাৰীসকলক উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ নামতচ বিগত তিনি মাহৰ ভিতৰতে ২৮ লাখ টকা সংগ্ৰহ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰাৰ পাছতে ৰাজ্যিক বিজেপিয়ে পি এফ এইৰ বিৰুদ্ধে মহাবিস্ফোৰণ ঘটাইছে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই পি এফ আই অসমীয়া ভাষা-সংস্কৃতি আৰু সভ্যতাৰ বাবে এক অশনি সংকেত বুলি উল্লেখ কৰি কয় যে অসমক অশান্ত কৰাৰ বাবে পি এফ আয়ে ৰাজ্যখনৰ প্ৰায় ৭০ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৰা ১০ টকাকৈ সংগ্ৰহ কৰি এক বৃহৎ পুঁজি একত্ৰিত কৰি আছে। যাৰ পৰিমাণ প্ৰায় ৭ কোটি টকা হ’ব। এই ধন চৰকাৰে আৰু ৰাষ্ট্ৰবিৰোধী কাম-কাজত ব্যৱহাৰ হোৱাৰ আশংকা আছে। কেৰালাত ২০০৬ চনৰ নৱেম্বৰ মাহত গঠন হোৱাৰ দিনৰে পৰা পি এফ আয়ে লাভ জেহাদ, লেণ্ড জেহাদ আদিৰ জৰিয়তে সনাতন সমাজ ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ  সৃষ্টি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই সমগ্ৰ বিষয়টো বিবেচনাধীন হৈ আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। ২০০৫ চনত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰে ষ্টুডে্ট ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া(ছিমি)ক নিষিদ্ধ ঘোষণা কৰিছিল। নিষিদ্ধঘোষিত ছিমিৰ নেতৃবৃন্দই নতুন ৰূপত পি এফ আই গঠন কৰি ৰাষ্ট্ৰবিৰোধী কাম আৰম্ভ কৰে। পি এফ আই হ’ল নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন ছিমিৰ নৱসংস্কৰণ। পি এফ আই হ’ল নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন ছিমিৰ নৱসংস্কৰণ। ৰাজ্যিক বিজেপিৰ মুখপাত্রজনে এই প্ৰসংগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফকো আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু তেওঁ কয় যে অসম অশান্ত কৰাৰ বাবে কংগ্ৰেছ আৰু পি এফ আয়ে একেলগে কাম কৰি আছে। বৰ্তমান সময়ত অসমীয়া বিৰোধী এই শক্তি দুটা একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। এ আই ইউ ডি এফ হ’ল তেওঁলোকৰ বিশ্বস্ত সহযোগী। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ শৰ্মাই ‘কা’ আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি কয় যে ‘কা’ আন্দোলনক হিংসাত্মক ৰূপ দিয়াৰ ক্ষেত্ৰত পি এফ আয়ে লোৱা ভূমিকাৰ বিষয়ে আমি সকলোৱে জানো। জনতা ভৱনৰ সন্মুখত অগ্নিসংযোগ আৰু হিংসা বিয়পোৱাৰ লগতে অসমীয়াৰ স্বাভিমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আক্রমণ চলাই শৰাই আদি নষ্ট কৰাৰ বাবে চলা হিংসাত্মক ঘটনা কংগ্ৰেছৰ নেতৃত্বত পি এফ আইৰ পৰিকল্পনা মতে ৰূপায়ণ কৰা হৈছিল। পি এফ আইৰ পৰিকল্পনাত সংঘটিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আক্ৰমণৰ ঘটনাৰ লগত প্ৰদেশ যুৱ কংগ্ৰেছৰ তদানীন্তন সভাপতি কামৰুল ইছলাম চৌধুৰী জড়িত আছিল প্ৰত্যক্ষভাৱে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰো কৰিছিল।