পিতৃৰ দাৰ ঘাপত পুত্ৰ গুৰুতৰভাৱে আহত

পিতৃৰ দাৰ ঘাপত পুত্ৰ গুৰুতৰভাৱে আহত

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ ডিফলুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।পিতৃৰ দাৰ ঘাপত পুত্ৰ গুৰুতৰভাৱে আহত হৈছে। মঙলবাৰে নিশা প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হৈছে।প্ৰবীণ বৰা নামৰ এগৰাকী ব্যক্তিয়ে নিজ পুত্ৰ চিন্ময়ক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে।এই ঘটনাত গুৰুতৰভাৱে আহত চিন্ময়ক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।বৰ্তমান পলাতক প্ৰবীণ বৰা ওৰফে শিশুৰামক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।  জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ ফলতেই এই ঘটনা সংঘটিত হয়।