পিতৃদেৱতা – ৰশ্মি ৰেখা দুৱৰা

PC - India Today
পিতৃদেৱতা
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
সাগৰৰ দৰে গভীৰৰতম
আকাশৰ দৰে বিশাল মনৰ গৰাকী
যাৰ ছাঁত নিজৰ স্থিতি হোৱালৈ
নিৰ্ভয়ে জিৰণি ল’ব পাৰি।
ঘামেৰে লুতুৰি-পুতুৰি হৈ শ্ৰমত বৰ্তি
বিনিময়ৰ অৰ্থৰে সন্তানৰ বাবে
শৈশৱ-কৈশোৰত জঁট নলগাকৈ
সুশিক্ষাৰে গঢ়ি তুলিবলৈ
দুয়োখন হাতেৰে সমস্ত শক্তি ক্ষয় কৰি
যৎপৰোনাস্তি চেষ্টা নিৰন্তৰ।
মৰমবোৰ দেখাই প্ৰকাশ নকৰিলেও
একোণত লুকুৱাই ৰাখে অজস্ৰ মৰমৰ সুঁতি
সন্তানৰ মূধচ হৈয়ে আৱৰি থাকে
এটোপাল বৰষুণ পৰিব নিদিয়াকৈ।
এই মৰমৰ কোনো স্বাৰ্থ নাই
সন্তানক বিপদে ছাঁনি ধৰিলেও
পিতৃৰ বৰগছজোপাই প্ৰতিটো ক্ষণতে
আগুৰি ধৰে ৰক্ষা কৱচ হৈ।
পিতৃৰ মৰমে কোনো প্ৰতিদান নিবিচাৰে
মাথোঁ সন্তানৰ হিতৰ কথা চিন্তে
এই মৰমৰ গভীৰতা অপ্ৰকাশ্য হ’লেও
খং,অনুশাসনৰ মাজেৰেই বৈ থাকে
ইকোণৰ পৰা সিকোণলৈ।