পিক্‌নিক্‌ – লখিমী শৰ্মা

PC - NewsBytes
পিক্‌নিক্‌
লখিমী শৰ্মা, যোৰহাট 
নতুন বছৰৰ আজি প্ৰথমটো দিন।মাইনীৰ আজি বৰ স্ফুৰ্তি।তাই আজি মাক – দেউতাকৰ লগত পিক্‌নিক্‌ খাবলৈ যাব। “মাইনী সোনকালে ওলোৱা ।যাবৰ হ’লেই নহয় ! ” – মাকে ক’লে, ইফালে ড্ৰাইভাৰে গাড়ীত বস্তু ভৰালেই । অলপ পাছতেই মাক দেউতাকৰ সৈতে মাইনী গাড়ীত উঠিল।ড্ৰাইভাৰে গাড়ী চলাই দিলে।গাড়ী চলাৰ লগে লগে মাইনীয়ে আনন্দত চিঞৰি দিলে।নাজিৰাখাট পোৱাৰ পাছত সিহঁত পাহাৰৰ কাষত থকা পুৰণি গণেশ মন্দিৰটোলৈ গ’ল আৰু গণেশ মন্দিৰত সেৱা কৰিলে।তাৰ পাছত ভাল ঠাই এডোখৰ চাই গাড়ীৰ পৰা বস্তুবোৰ নমালে।মাক – দেউতাক ভাত পানী ৰন্ধাৰ কামত লাগি গ’ল।মাইনীয়ে ড্ৰাইভাৰৰ লগত নাজিৰা খাটৰ পাৰ্কখন চালে।পাৰ্কত কমলাবোৰ পকি আছে।চাই তাই বৰ ভাল লাগিল।ইফালে নানান বনৰীয়া চৰাই – চিৰিকটিৰ মাত ভাঁহি আছে।পাৰ্কৰ মাজত থকা পুৰণি শিলৰ মূৰ্তিবোৰ চোৱাৰ পাছত মাইনীয়ে জোলনাত সৰু সৰু ল’ৰা – ছোৱালীবিলাকৰ লগত জুলিবলৈ ধৰিলে।খেলি আমনি লগাত তাই মাক – দেউতাকৰ ওচৰলৈ আহিল।ইফালে মাক – দেউতাকে ভাত পানী ৰান্ধি সিহঁতলৈ বাট চাই আছে।দুইমান বজাত সিহঁতে ভাত পানী খালে।ভাত খাই জিৰণি লওঁতে মাইনীৰ ধুনীয়া ঝৰণাটোলৈ চকু পৰিল।ঝৰণাটোৰ পানীখিনি ইমান ধুনীয়া।জিৰজিৰকৈ বৈ শিলত খুন্দা খাই তললৈ নামি আহিছে।পানীখিনিৰ মাজত ডাঙৰ ডাঙৰ শিল পৰি আছে।শিলৰ ওপৰত তাইৰ সমান সৰু ল’ৰা – ছোৱালীয়ে ধৰা – ধৰিকৈ খেলি আছে।তাকে দেখি তাইয়ো ঝৰণাৰ পানীখিনিত নামিবলৈ দৌৰ মাৰিলে।পানীখিনিৰ লগত খেলিবলৈ আৰম্ভ কৰোঁতেই তাইৰ পিঠিটো বিষোৱা যেন লাগিল।হঠাৎ তাইৰ চকু দুটা মেল খাই গ’ল।তাই দেখিলে যে মাকে তাইক ৰাতিপুৱা টোপনিৰ পৰা জগাবলৈ পিঠিত ঢকিয়াই আছে।তেতিয়াহে তাই বুজিলে যে তাই নাজিৰাখাটত নাই বিছনাতহে আছে ।