পিএমশ্ৰী আঁচনিৰ অধীনত বিদ্যালয় উন্নয়নৰ বাবে ২৭,৩৬০ কোটি টকা অনুমোদন কেন্দ্ৰৰ

Pc News by Careers360

পিএমশ্ৰী আঁচনিৰ অধীনত বিদ্যালয় উন্নয়নৰ বাবে ২৭,৩৬০ কোটি টকা অনুমোদন কেন্দ্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰই বুধবাৰে সমগ্ৰ দেশৰ ১৪,৫০০ খন বিদ্যালয় উন্নীতকৰণৰ বাবে ২৭,৩৬০ কোটি টকা পি এম স্কুল ফৰ ৰাইজিং ইণ্ডিয়া (পিএমশ্ৰী) আঁচনিত অনুমোদন জনাইছে। যাৰ ফলত ১৮.৭ লাখ শিক্ষাৰ্থী উপকৃত হ’ব বুলি আশা কৰা হৈছে, চৰকাৰে কয়।কেন্দ্রীয় কেবিনেটৰ অনুমোদন অনুসৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২২ৰ সকলো উপাদান বহুলভাৱে প্ৰয়োগক লৈ পিএমশ্ৰী স্কুল দেশৰ বিভিন্ন প্রাস্তুত বিকশিত কৰা হ’ব। ১৪,৫০০ বিদ্যালয়তকৈ অধিক দেশজুৰি বিকশিত কৰিবলগীয়া পিএমশ্রী স্কুলৰ আন্তঃগাঁথনি, উদ্ভাৱনী ধাৰণা, আৰু প্ৰযুক্তি উন্নীত কৰা হ’ব। এই আঁচনিখন ৰূপায়ণৰ বাবে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৬ চনলৈকে পৰৱৰ্তী ৫ বছৰত ২৭,৩৬০ কোটি টকা ব্যয় কৰাৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। কেন্দ্ৰ/ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল/স্থানীয় সংস্থাৰ দ্বাৰা পৰিচালিত বৰ্তমান চলি থকা বিদ্যালয়ক বাছনি কৰি এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব। এই আঁচনিৰ বিদ্যালয়সমূহত ২০২০ ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰাৰ লগতে শিক্ষাৰ্থীসকলক একবিংশ শতিকাৰ দক্ষ নাগৰিক হিচাপে গঢ়ি তোলা হ’ব। প্ৰতিগৰাকী শিক্ষার্থী তথা বিদ্যালয়ৰ শিশুক ক্রীড়া শিল্প আদিতো শিক্ষণ দিয়া হ’ব। মানসিক সবলতা আৰু কেৰিয়াৰ গঢ়াৰ বাবে প্ৰতিগৰাকী শিক্ষার্থী কাউঞ্চে লিং কৰা হ’ব। চৰিত্ৰ নিৰ্মাণ, নাগৰিকত্বৰ প্ৰমূল্যবোধ, মৌলিক দায়িত্ববোধ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা দায়বদ্ধতাক প্রাধান্য দিয়া হ’ব এই বিদ্যালয়সমূহত। শিক্ষাৰ্থীৰ সমগ্ৰ দিশতে উন্নয়নত প্ৰাধান্য দিয়া হ’ব।