পাহৰণিৰ কাড়পাখিৰে উৰিব পাৰেনে!
✍নিহাল গগৈ
আপুনি মোক পাহৰিছে নেকি!
পাহৰণিৰ কাড়পাখিৰে উৰিব পাৰে নে!
সততে মোৰ মন আলোড়িত কৰা প্ৰশ্ন।
মোৰ ত্যাগৰ কথা,
মোৰ দ্বাৰা আপোনাৰ স্বাৰ্থ সিদ্ধিৰ কথা,
আপোনাৰ মনলৈ আহে নেকি!!!
মনক কষ্ট নিদিব, সামৰি সুতৰি থৈ দিয়ক।
কেতিয়াবা সুবিধা বুজি কৈ দিব,
আপুনি ভীষণ ব্যস্ত আৰু মই
হেলাৰঙে মানি ল’ম আপুনি কিমান স্বাৰ্থপৰ!!
পাহৰণিৰ বিশাল সাগৰত এবাৰ মই সাঁতোৰি চালোঁ
দিনত অৰ্থহীন, জোনাক সজা জোনটো
পুৱতি নিশা বুৰ মাৰি লুকাইছে।
তেতিয়া মই নিজকে সুধিলোঁ- মই কোন?
মোৰ ক্ষেত্ৰত এয়াচোন একেবাৰে ধুৰুপ সত্য।
এতিয়া
আপুনি মোক পাহৰি যাওঁক
পাহৰণিৰ কাড়পাখিৰে দূৰ দিগন্ত ফুৰক
আপোনাৰ নিলগত ৰৈ মই যে নীড় মুখী খুবেই সাধাৰণ !!!!