পায়েল কাপাডিয়াৰ ‘এ নাইট অৱ নয়িং নাথিং’ তথ্যচিত্রলৈ ট্ৰৰণ্টো ছবি মহোৎসৱত এমপ্লিফাই ভইচ বঁটা

pc- She the people

পায়েল কাপাডিয়াৰ ‘এ নাইট অৱ নয়িং নাথিং’ তথ্যচিত্রলৈ ট্ৰৰণ্টো ছবি মহোৎসৱত এমপ্লিফাই ভইচ বঁটা

অনলাইন বাৰ্ত্তাসেৱা- প্ৰথম সৃষ্টিৰেই আন্তর্জাতিক মঞ্চত উজলিল মুম্বাইৰ পৰিচালিকা পায়েল কাপাডিয়া। টৰণ্টো আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱত পায়েল কাপাডিয়াৰ তথ্যচিত্র ‘এ নাইট অৱ নয়িং নাথিং’-এ এমপ্লিফাই ভইচ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ৪৩সংখ্যক টৰণ্টো চলচ্চিত্ৰ পায়েলৰ উপৰি অন্য দুগৰাকী চলচ্চিত্রকাৰে এই বঁটা লাভ কৰিছে। পৰিচালিকা হিচাপে পায়েলৰ এই তথ্যচিত্ৰখন হৈছে প্ৰথম। পায়েল কাপাডিয়াই প্ৰথমখন তথ্যচিত্ৰৰ জৰিয়তে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছতেই বলীউডৰ বহু কলা কুশলীয়ে পৰিচালিকাগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। ট্ৰৰণ্টো ছবি মহোৎসৱৰ আয়োজকে ঘোষণা কৰিছিল যে পায়েল কাপাডিয়াই এই তথ্যচিত্রখন  ব্যক্তিগত আৰু ৰাজনৈতিক ক্ষেত্ৰত এক ভাৰসাম্য ৰক্ষা কৰি নিখুঁতভাৱে নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছে।