পাঠ্যক্রম হ্ৰাস কৰক অন্যথা,পৰীক্ষা কাৰ্য্য সূচী পিছুৱাই দিয়ক !-জয়ন্ত কলিতা

PC-The Sentinel Assam

পাঠ্যক্রম হ্ৰাস কৰক অন্যথা,পৰীক্ষা কাৰ্য্য সূচী পিছুৱাই দিয়ক !

 

২০২৩ বৰ্ষত অনুষ্ঠিত হ’ব লগা উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময় ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনানুষ্ঠানিক ভাৱে সদৰি কৰিছে। সংসদে সদৰি কৰা সময় মতে ২০২৩ ৰ ১১ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা আৰাম্ভ হ’ব।উল্লেখনীয় কথা টো হ’ল যে এতিয়া লৈ আমাৰ দ্বিতীয় বৰ্ষৰ পাঠদান আৰাম্ভ হোৱা নাই। আৰাম্ভ হোৱা টো বহু দূৰৰে কথা প্রথম বাৰ্ষিকৰ পৰীক্ষাই শেষ হোৱা নাই।প্রথম বাৰ্ষিকৰ পৰীক্ষা শেষ হোৱাৰ পিছত তাৰ ফলাফল ওলোৱা লৈকে জুনৰ মাহ টো সম্পূৰ্ণৰূপে লাগিব।অৰ্থাৎ দ্বিতীয় বাৰ্ষিকৰ পাঠদান জুলাই মাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাবনা আছে। যদি জুলাই মাহত দ্বিতীয় বৰ্ষৰ পাঠদান আৰাম্ভ হয় তেনেহলে জানুৱাৰী মাহ লৈকে আমি মাথো ৭ মাহ সময় পাম বুলি সংসদে ইতিমধ্যে প্ৰকাশ কৰিছে। কিন্তু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰৰ বাবে প্ৰায় এমাহ আগত ছাত্র – ছাত্রী সকলক সম্পূর্ণ ঘৰত স্ব- অধ্যয়ন কৰা প্ৰয়োজন হয় বাবে পৰীক্ষাৰ এমাহ আগত দ্বিতীয় বৰ্ষৰ নিয়মীয়া পাঠদান বন্ধ হয়।অৰ্থাৎ জানুৱাৰী মাহতো অধ্যায়নৰ বাবে আমাৰ পাঠদান সম্পূর্ণ বন্ধ থাকিব।যাৰ বাবে আমি জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে মাত্র ৬ মাহে পাঠদান(ক্লাচ) কৰিব পাৰিম।( অন্যান্য বন্ধ বাদে দিলো) গতিকে এবাৰ ভাৱিচাওক যিতো পাঠ্যক্রম এবছৰ পঢ়ি
বা পঢ়ুৱাই শেষ কৰিবলৈ টান হয় সেইয়ামাত্র ৬ মাহত শেষ কৰি উচ্চতৰ মাধ্যমিক দৰে বৃহৎ পৰিসৰৰ পৰীক্ষাত বহিবলৈ আমাক কেনেকৈ সাজু কৰিব? আৰু আমি সম্পূর্ণ ১২ মাহৰ পাঠ্যক্রম মাত্র ৬ মাহত পঢ়ি কেনেকৈ শেষ কৰিম ?
মুলতঃ এতিয়া যে এনে বোৰ চিন্তাই আমাৰ মন মগজুত মানসিক চাপ সৃষ্টি কৰিছে।
বলপূর্বক পৰীক্ষা কেন্দ্রীক হেচাই যেন আমাৰ মন মন মগজুক জুৰুলা কৰিব ধৰিছে। গতিকে এইবাৰ বিশেষ পৰিস্থিতিত ছাত্র – ছাত্রীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত পৰীক্ষাত কাৰ্য্য সূচী পিছুৱাই দিয়ক অথবা পাঠ্যক্রম হ্ৰাস কৰক।

 

জয়ন্ত কলিতা
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়