পাটাছাৰকুছিৰ ঐতিহ্যমণ্ডিত প্ৰাথমিক বিদ্যালয়ত উপস্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

pc Facebook

পাটাছাৰকুছিৰ ঐতিহ্যমণ্ডিত প্ৰাথমিক বিদ্যালয়ত উপস্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

অনলাইন বার্তাসেৱা- পাটাছাৰকুছিৰ ঐতিহ্যমণ্ডিত ৮৫৩ নং পূব পিপলা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় খন পৰিদৰ্শন কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু অন্তৰংগ আলাপ কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস। বিগত গুণোৎসৱত এই বিদ্যালয় খনে মণ্ডলৰ ভিতৰত একমাত্ৰ A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰোপৰি, এই পৰিদৰ্শন কালত বিদ্যালয় খনৰ বিভিন্ন অভাৱ অভিযোগ সমূহৰ বুজ লয় আৰু বিদ্যালয় খনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত থকা বিভিন্ন আসোঁৱাহ সমূহ ক্ষিপ্ৰতাৰে দূৰ কৰি শিক্ষানুষ্ঠানখনক ন-ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ বিদ্যালখনৰ পৰিদৰ্শন কালত মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেণ দাস, পৰিচালনা সমিতিৰ সভাপতি শ্ৰী শিৱেন দাস, প্ৰধান শিক্ষক শ্ৰী যতীন্দ্ৰ মেধী উপস্থিত থাকে ৷

(RT.)