পাছপ’ৰ্টৰ বাবে আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰ লাভ কৰাত সহায়ক হোৱাকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ নতুন পদক্ষেপ

Pc The Indian Express

পাছপ’ৰ্টৰ বাবে আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰ লাভ কৰাত সহায়ক হোৱাকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ নতুন পদক্ষেপ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  নাগৰিকসকললৈ পাছপ’ৰ্ট সম্বন্ধীয় সেৱা উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। সেইমৰ্মে আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পাছপ’র্ট আবেদনকাৰীসকলে এই প্ৰমাণপত্ৰ লাভৰ ব্যৱস্থা অধিক খৰতকীয়া কৰিবলৈ আজি অর্থাৎ ২৮ ছেপ্টেম্বৰ, 2012ৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশৰ প্ৰতিটো অনলাইন পোষ্ট অফিচ পাছপ’ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বাবে আৱেদনৰ ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে। এই ব্যৱস্থাৰ ফলত আবেদনকাৰীসকলে উল্লেখিত প্ৰমাণপত্ৰৰ বাবে সাক্ষাৎকাৰৰ আমন্ত্ৰণ খৰতকীয়াকৈ লাভ কৰিব। আনহাতে মন্ত্ৰালয়ৰ এই পদক্ষেপৰ ফলত ভাৰতীয় নাগৰিকসকলে বিদেশত কর্মসংস্থাপন বিচৰাত সহায়ক হোৱাৰ উপৰি অন্যান্য ক্ষেত্র যেনে শিক্ষা, দীর্ঘকালীন ভিছা আৰু প্ৰবাসীসকলে ল’বলগীয়া আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ চাহিদাও পূৰণ কৰিব।