পশ্চিম বংগ ভ্ৰমণৰ সময়ত গুৰুতৰভাৱে অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

Pc NDTV.com

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম বংগ ভ্ৰমণৰ সময়ত গুৰুতৰভাৱে অসুস্থ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰিবলৈ পশ্চিমবংগত গৈছিল তেওঁ। মঞ্চৰ পৰা নামি আহোতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । গ্ৰীণ কৰিডৰৰ মাজেৰে তেওঁৰ বাবে এজন ডাক্তৰ অনা হৈছিল । দাৰ্জিলিং জংচনৰ সমীপৰ দগাপুৰ খেলপথাৰত অনুষ্ঠিত হয় এই অনুষ্ঠান । মঞ্চত বহু সময় ধৰি অসুস্থ অনুভৱ কৰি আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। গতিকে অনুষ্ঠানটো সোনকালে বন্ধ কৰি দিয়া হ’ল।বিজেপিৰ এগৰাকী নেতাই জনোৱা তথ্য অনুসৰি, “তেজত ছুগাৰৰ মাত্ৰা কম হোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজন হঠাতে অসুস্থ হৈ পৰিছিল।” প্ৰাথমিক চিকিৎসাৰ বাবে নীতিন গাডকাৰিক চেলাইন দিয়া হৈছিল বুলিও তেওঁ জনায়।