পশু প্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰৰ অভিযুক্তৰ ঘৰ উচ্ছেদ জিলা প্ৰশাসনৰ

পশু প্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰৰ অভিযুক্তৰ ঘৰ উচ্ছেদ জিলা প্ৰশাসনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পশু প্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰৰ অভিযুক্ত বৈদুল্লা খানৰ অবৈধ ভাৱে নিৰ্মান কৰা ডিব্ৰুগড় স্থিত বাসগৃহ ভাঙি পেলাই জিলা প্ৰশাসনে। খবৰ অনুসৰি, অভিযুক্ত বৈদুল্লা খান এজন আফগান নাগৰিক আৰু ৭০ৰ দশকত অসমলৈ আহিছিল। জিলা প্ৰশাসনৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে আব্দুলা খান (পিতৃ) এন-আৰ-চিত খানৰ পৰিয়ালৰ কোনো লোকৰ নাম নাই। প্ৰশাসনে বৈদুল্লা খানৰ ভাতৃ চামচুল্লা খানৰ ঘৰটো ভাঙি পেলাইছে কিয়নো তেওঁ অবৈধভাৱে ঘৰটো নিৰ্মাণ কৰিছিল। উল্লেখ যে সোমবাৰে বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ খবৰৰ মাজতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বোলাৰাম তেৰাঙক তাৎক্ষণিক ভাৱে বদলি কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা শনিবাৰে বাগাৰিয়াৰ শোকসন্তপ্ত পৰিয়ালৰ সদস্য সকলক সাক্ষাৎ কৰাৰ পিছত কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়াৰ পিছত তাৎক্ষণিক এক্সনত নামি পৰিছে প্ৰশাসন। আনহাতে, দায়িত্বত থকা যোৰহাট সদৰ আৰক্ষী থানাৰ বিষয়া ৰাজু চেত্ৰীক বদলি কৰা হৈছে ডিব্ৰুগড় সদৰলৈ।