পল পলকৈ বাগৰে সময় – আয়নাল হক

PC - Wallpaper.com
পল পলকৈ বাগৰে সময়
আয়নাল হক, ধুবুৰী 
নাজানো
কি আছে দিগন্তৰ সিপাৰে,
তথাপি হেঁপাহবোৰ উৰা মাৰে
দিগন্তকে ধিয়াই… !
পল পলকৈ
সময় বাগৰে
কোনে জানে কাৰ বাবে
কি আশ্চৰ্যই আছে বাট চাই…।
মায়াময় সংসাৰ
মাথোঁ সপোনৰ পয়োভৰ,
হ’লেও বাস্তৱে সদায়
সজোৰে ৰিঙিয়ায়।
পোৱা-নোপোৱাৰ
খটিয়ান বিচাৰি
ডায়েৰীৰ পাতবোৰ প্ৰতিদিনে
আছোঁ লুটিয়াই…।