পলমকৈ হ’লেও মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ’বইঃ ডাঃ ৰণোজ পেগু

বাৰ্ত্তাসেৱা – ৰাজ্যৰ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰী কৰি কয় যে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কোনো কাৰণ নাই । মাথোঁ পৰীক্ষা কিমানটা বিষয়ৰ ওপৰত অনুষ্ঠিত কৰা হ’ব বা পৰীক্ষাৰ আৰ্হি কি হ’ব সেই সন্দৰ্ভত এক সঠিক সিদ্ধান্ত গ্রহণ কৰাৰ পাছত পৰীক্ষাৰ সিদ্ধান্ত সদৰী কৰা হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্রী অজন্তা নেওগৰ সৈতে শিক্ষা বিভাগৰ এক পর্যালোচনা বৈঠকত অংশ লোৱাৰ পাছত মেট্রিক নোহোৱাৰ কাৰণ নাই বুলি ঘোষণা কৰি শিক্ষা মন্ত্রী ডাঃ ৰণোজ গেণ্ডৱে কয় যে পৰীক্ষা কেনেদৰে অনুষ্ঠিত কৰা হ’ব সেই বিষয়ে দুই-এদিনতে ৰাজ্যৰ বুদ্ধিজীৱী আৰু শিক্ষাগুৰুসকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰা হ’ব। সেই পৰামৰ্শৰ ভিত্তিতে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে পৰীক্ষা পাতিহে ছাত্ৰ-ছাত্ৰীক মূল্যায়ন কৰিব পৰা যায়। গতিকে পৰীক্ষা অনুষ্ঠিত হ’বই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাও অনুষ্ঠিত কৰা হ’ব বুলি ৰাজ্যৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণাৰ লগে লগে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অব্যাহত থকা উৎকণ্ঠাৰ অবসান ঘটিল। শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী দুই-এদিনৰ ভিতৰতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সকলো নীতি-নিয়ম ৰাজহুৱা কৰা হ’ব।